
মাজুলী, ১২ জুন (হি.স.)। মাজুলীত জল সম্পদ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ।বাৰিষাৰ আগমনৰ লগে লগেই মাজুলীত গৰা খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সোৱনশিৰি নদীৰ তাণ্ডৱত হাহাকাৰ সৃষ্টি হৈছে নামনি মাজুলীৰ চেৰপাইখোৱাত। সোৱনশিৰি নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছতে চেৰপাইখোৱাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে গৰা খহনীয়াই।দৈনিক নদীৰ বুকুত জাহ গৈছে বিঘাই বিঘাই কৃষি পথাৰ।
ফলত আতংকিত হৈ চেৰপাইখোৱা অঞ্চলবাসীয়ে জল সম্পদ বিভাগ, জিলা প্ৰশাসন তথা বিধায়কক অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই গৰা খহনীয়া প্ৰতিৰোধৰ।সেয়ে নদীৰ পাৰলৈ আহি জল সম্পদ বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু প্ৰতিবাদত নামি পৰিছে টি এম পি কে আৰু খহনীয়া গ্ৰস্ত ৰাইজে।সোৱনশিৰি নদীৰ এই গৰাখহনীয়াই বাঘগাঁও, মিছামৰা,মাজৰচাপৰি, চামগুৰি আদি গাঁৱসমূহলৈ ভাবুকি সৃষ্টি কৰিছে।সেয়ে এই গৰাখহনীয়াক অচিৰেই প্ৰতিৰোধ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজ তথা টি এম পি কে য়ে। অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ দিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ