গহপুৰৰ সোণাপুৰ গাঁও পঞ্চায়তৰ এটি গড়কাপ্তানি পথৰ শোচনীয় অৱস্থা
পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত।
গহপুৰৰ সোণাপুৰ গাঁও পঞ্চায়তৰ এটি গড়কাপ্তানি পথৰ শোচনীয় অৱস্থা


বিশ্বনাথ, ১২ জুন (হি.স.): বিশ্বনাথ জিলাৰ সোণাপুৰ পঞ্চায়তৰ ১ নং জামুগুৰি, কুকুৰজান, টেঙাবাৰী, চত্ৰং সংযোগী গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথটোৰ পথৰ শোচনীয় অৱস্থাই বৰ্তমান জ্বলা কলা খুৱাইছে স্থানীয় তথা অঞ্চলটোৰ ৰাইজক । দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত পথটোৰ বিভিন্ন স্থানত সৃষ্টি হৈছে ডাঙৰ ডাঙৰ গাঁত, যাৰ ফলত প্ৰতিদিনে দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷

পথটোৰ দুৰৱস্থাই বিপদত পেলাইছে ৰাইজক ৷ খলা–বমা হৈ পৰা পথটিত বাহন চলাচল অতি বিপদজনক হৈ পৰিছে পথটোৰে । স্কুল-কলেজলৈ যোৱা ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িয়াই নিয়া এম্বুলেন্স আৰু সাধাৰণ যাত্ৰীসকলে নানা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। মন কৰিবলগীয়া যে জৰাজীৰ্ণ হৈ পৰা এই পথটিৰ মেৰামতিৰ বাবে আজিকোপতি গড়কাপ্তানি বিভাগৰ তৰফৰ পৰা কোনো গুৰুত্ব দিয়া দৃষ্টি গোচৰ হোৱা নাই ৷ ৰাইজে অতি শীঘ্ৰে পথটোৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ ওচৰত আহ্বান জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande