হাবি জংঘলে আবৰি পৰিত্য়ক্ত হৈ পৰিছে দেৰগাঁৱৰ কৃষি বিভাগৰ কাৰ্য্যালয়
এটা চৰকাৰী কাৰ্য্যালয়ৰ পুতৌ লগা অৱস্থা।
হাবি জংঘলে আবৰি পৰিত্য়ক্ত হৈ পৰিছে দেৰগাঁৱৰ কৃষি বিভাগৰ কাৰ্য্যালয়


গোলাঘাট, ১২ জুন (হি.স.): গোলাঘাট জিলাৰ কৃষি বিভাগৰ এটা চৰকাৰী কাৰ্য্যালয়ৰ অৱস্থা জৰ্জৰ হৈ পৰিছে । বিগত ৬/৭ বছৰে বন্ধ হৈ আছে দেৰগাঁৱৰ কৃষি বিভাগৰ এই কাৰ্য্যালয়টো । হাবি জংঘলে আবৰি পেলাইছে কাৰ্য্যালয়ৰ চৌপাশ । কাৰ্য্যালয়ৰ চৌহদলৈ প্ৰৱেশ কৰাৰো বাট নাই হাবি জংঘলৰ বাবদ । এক প্ৰকাৰ বন্য জীৱজন্তু বা চৰাই চিৰিকটিৰ বাসস্থানলৈ ৰূপান্তৰ হোৱা দেখা যায় এই চৰকাৰী কাৰ্য্যালয়টো।

এই কাৰ্য্যালয়টোৰ পৰাই এসময়ত অসম চৰকাৰৰ কৃষি বিভাগৰ কৃষি উন্নয়ন বিষয়া সকলে চলাইছিল কাৰ্যকলাপ । কিন্তু আজি বহু বছৰ ধৰি বন্ধ হৈ আছে এই কাৰ্য্যালয়টো, যাৰ পৰিণতিত কৃষি কৰ্মত জড়িত সমস্যা সমাধানৰ পৰা বঞ্চিত বৃহত্তৰ দেৰগাঁও অঞ্চলৰ কৃষক সমাজ । উপায়হীন কৃষকসকলে বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত গোলাঘাটলৈ যাবলগীয়া হয় । এক প্ৰকাৰ বিভাগটোৰ পৰা বহু বছৰ ধৰি পোৱা নাই কোনো ধৰণৰ সঁহাৰি দেৰগাঁও সমজিলা অধীনস্থ কৃষক সমাজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande