
বৰপেটা, ১২ জুন (হি.স.): বৰ্ষাকাল আৰম্ভ হোৱাৰ লগে লগে যাতায়াতৰ নামত নৰক যন্ত্ৰণা ভূগিব লগীয়া হৈছে চেঙা সমষ্টিৰ দক্ষিণপাৰৰ প্ৰায় ৩০ খন গাঁৱৰ লক্ষাধিক লোকে । বাঢ়নি পানীয়ে মাজৰচৰ-নগৰবেৰা সংযোগী আৰু বাঘমাৰাচৰ-শিমলীতোলা সংযোগী পাঁচখন প্ৰকাণ্ড প্ৰকাণ্ড বাঁহৰ দলং উটুৱাই নিয়াত নাৱেৰে বিপদসংকূলভাৱে পাৰাপাৰ হৈ যাতায়াত কৰিছে অঞ্চলটোৰ লক্ষাধিক লোকে।
বৰ্ষাকালৰ প্ৰায় ৬-৭ মাহ এনেদৰে নাৱেৰে বিপজ্জনকভাৱে নদী পাৰ হ’ব লগীয়া হয় অঞ্চলবাসীয়ে। নিৰ্বাচন আহিলেই পকী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি ঘঁৰিয়ালৰ চকুপানী টুকা জনপ্ৰতিনিধিসকলে ৰাইজৰ এনে দুৰ্গতিৰ প্ৰতি ন্যূনতম গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । শীঘ্ৰে মাজৰচৰ-নগৰবেৰা সংযোগ কৰি এখন পকী দলং নিৰ্মাণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ৰাইজে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ