ধিঙৰ বহু কেইখন হুটেলত নগাঁও যোগান বিভাগৰ বৃহৎ অভিযান
নগাঁও, ১২ জুন (হি.স.)। ধিঙৰ বহু কেইখন হুটেলত আজি নগাঁও যোগান বিভাগৰ বৃহৎ অভিযান৷ অভিযান কালত ধিং বজাৰ,লহকৰ বান্দৰ চাৰিআলি, আৰু নিজ ধিঙৰ মাৰ্কেটিং বজাৰৰ লগতে কান্ধুলীমাৰীৰৰ মাটখলা বজাৰৰ একাংশ হুটেলৰ পৰা জব্দ কৰে ৪৩ টাকৈ ঘৰুৱা চিলিণ্ডাৰ৷ ভূৱা আইড
ধিঙৰ বহু কেইখন হুটেলত নগাঁও যোগান বিভাগৰ বৃহৎ অভিযান


নগাঁও, ১২ জুন (হি.স.)। ধিঙৰ বহু কেইখন হুটেলত আজি নগাঁও যোগান বিভাগৰ বৃহৎ অভিযান৷ অভিযান কালত ধিং বজাৰ,লহকৰ বান্দৰ চাৰিআলি, আৰু নিজ ধিঙৰ মাৰ্কেটিং বজাৰৰ লগতে কান্ধুলীমাৰীৰৰ মাটখলা বজাৰৰ একাংশ হুটেলৰ পৰা জব্দ কৰে ৪৩ টাকৈ ঘৰুৱা চিলিণ্ডাৰ৷

ভূৱা আইডিৰ বিপৰীতে এটা দুষ্ট চক্ৰই ধিঙত দীৰ্ঘদিনে চিলিণ্ডাৰৰ ৰমৰমীয়া ব্যৱসায়ী চলাই অহাৰ অভিযোগ লাভ কৰিছিল নগাঁও যোগান বিভাগে৷ ব্যৱসায়ীক গেছ চিলিণ্ডাৰৰ বিপৰীতে অবৈধ্য ভাবে হুটেল সমূহত ব্যৱহাৰ কৰি আহিছিল ঘৰুৱা চিলিণ্ডাৰ৷যাৰ ফলত গেছ চিলিণ্ডাৰৰ নাটনিৰ আশংকা কৰিছিল যোগান বিভাগে৷ ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰা হুটেল কতৃপক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ নগাঁও যোগান বিভাগৰ৷কোনো কাৰণতে হোটেলত ব্যৱহাৰ কৰিব নোৱাৰিব ঘৰুৱা চিলিণ্ডাৰ৷এই অভিযান কালত উপস্থিত আছিল ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতিম চৌধুৰী৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande