আমগুৰিত অবৈধভাৱে গঢ় লৈ উঠা চুলাই ভাটিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত
অবৈধ চুলাই মদৰ ব্যৱসায়ী সকলৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছে আমগুৰি আৰক্ষী।
আমগুৰিত অবৈধভাৱে গঢ় লৈ উঠা চুলাই ভাটিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত


শিৱসাগৰ, ১২ জুন (হি.স.): শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গাঁৱত চলি আছে অবৈধ চুলাই ভাটি । উল্লেখ্য যে আমগুৰি নগৰৰ পৰা আবকাৰী বিভাগটো উঠাই নিয়াৰ পিছতে বিভিন্ন গাঁৱত বৃদ্ধি পাই আহিছিল অবৈধ চুলাই ভাটি । এই চুলাই খোৱাৰ পিছতেই বহু কম বয়সীয়া যুৱকে প্ৰাণ হেৰুওৱাৰ লগতে বহু অপৰাধ জনিত ঘটনা সংঘটিত হৈ আহিছিল । অৱশেষত এই অবৈধ চুলাই ভাটিৰ বিৰুদ্ধে পদক্ষেপ আৰম্ভ কৰিছে আমগুৰি আৰক্ষীয়ে।

বৰ্তমানলৈকে বহু হাজাৰ চুলাই মদ নষ্ট কৰিবলৈ সক্ষম হৈছে আমগুৰি আৰক্ষীয়ে । আমগুৰিৰ নলবৰীয়া চুক, দুলিয়াবস্তি, চামগুৰি আৰু উত্তৰ ঘৰফলীয়াত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া আমগুৰি আৰক্ষীয়ে তীব্ৰ অভিযান চলায়। আৰক্ষীয়ে পৱিত্ৰ ওৰাং, প্ৰবীণ দিহিঙীয়া আৰু হেমন্ত গগৈৰ গৃহত অবৈধভাৱে ব্যৱসায় চলাই থকা চুলাই ভাটি উচ্চেদ কৰি চাৰি হাজাৰ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে চুলাই প্ৰস্তত কৰা সা সামগ্ৰী নষ্ট কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande