গুৱাহাটী ৰে’ল ষ্টেচনত ৯ জন বাংলাদেশী গ্ৰেপ্তাৰ
গুৱাহাটী, ১২ জুন (হি.স.)। গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে ৯ জন বাংলাদেশী নাগৰিক । গুৱাহাটী ৰে’ল ষ্টেচনত গ্ৰেপ্তাৰ কৰা হয় এই বাংলাদেশী নাগৰিক কেইজনক। ৰে’ল আৰক্ষীয়ে যোৱাকালি বৃহস্পতিবাৰে নিশা গুৱাহাটী ৰে’ল ষ্টেচনত ৯ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে।
आठ बांग्लादेशी अवैध घुसपैठियों को सीमा से वापस भेजे जाने की तस्वीर।


গুৱাহাটী, ১২ জুন (হি.স.)। গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে ৯ জন বাংলাদেশী নাগৰিক । গুৱাহাটী ৰে’ল ষ্টেচনত গ্ৰেপ্তাৰ কৰা হয় এই বাংলাদেশী নাগৰিক কেইজনক। ৰে’ল আৰক্ষীয়ে যোৱাকালি বৃহস্পতিবাৰে নিশা গুৱাহাটী ৰে’ল ষ্টেচনত ৯ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। প্ৰাথমিক তদন্তৰ পৰা অনুমান কৰিব পাৰি যে তেওঁলোক অবৈধভাৱে অসমত প্ৰৱেশ কৰিছিল ।

আৰক্ষীৰ সূত্ৰ অনুসৰি এই বাংলাদেশী নাগৰিকসকলে কাছাৰ জিলা সীমান্তৰে অসমত প্ৰৱেশ কৰি পিছত গুৱাহাটী পোৱাৰ সন্দেহ প্ৰকাশ কৰিছে । নিৰাপত্তা সংস্থাসমূহে তেওঁলোকৰ পৰিচয় পত্ৰ আৰু ভ্ৰমণ পথৰ তদন্ত কৰি আছে।

বৰ্তমান গুৱাহাটী ৰে’ল আৰক্ষীৰ জিম্মাত আছে আটাইকেইজন বাংলাদেশী নাগৰিক। আৰক্ষীয়ে তেওঁলোকক জেৰা কৰি আছে আৰু বিষয়টোৰ বিশদ তদন্ত চলি আছে ।

------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande