শ্ৰীভূমিত ইউচিচি বিধেয়কৰ বিৰুদ্ধে মুছলিম সমাজৰ প্ৰতিবাদ
শ্ৰীভূমি, ১২ জুন (হি.স.)। ইউচিচি বিধেয়কৰ বিৰুদ্ধে শ্ৰীভূমিত মুছলিম সমাজৰ প্ৰতিবাদ। আজি জুম্মাৰ নামাজ আদায় কৰাৰ পিছতে শ্ৰীভূমি জিলাৰ বিভিন্ন মছজিদত ইউনিফৰ্ম চিভিল কোড বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে মুছলিম সমাজে। প্ৰতিবাদকাৰীসকলে ক''লা
শ্ৰীভূমিত ইউচিচি বিধেয়কৰ বিৰুদ্ধে মুছলিম সমাজৰ প্ৰতিবাদ


শ্ৰীভূমি, ১২ জুন (হি.স.)। ইউচিচি বিধেয়কৰ বিৰুদ্ধে শ্ৰীভূমিত মুছলিম সমাজৰ প্ৰতিবাদ।

আজি জুম্মাৰ নামাজ আদায় কৰাৰ পিছতে শ্ৰীভূমি জিলাৰ বিভিন্ন মছজিদত ইউনিফৰ্ম চিভিল কোড বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে মুছলিম সমাজে।

প্ৰতিবাদকাৰীসকলে ক'লা বেজ পৰিধান কৰি বিধেয়কখনৰ প্ৰতি নিজৰ অসন্তুষ্টি আৰু আপত্তি প্ৰকাশ কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ মছজিদত একেধৰণৰ দৃশ্য পৰিলক্ষিত হয়, য'ত নামাজৰ পিছত বহু সংখ্যক লোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদত অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলৰ দাবী, ইউচিচি বিধেয়ক প্ৰয়োগৰ পূৰ্বে সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ মতামতক গুৰুত্ব দিব লাগে আৰু সাংবিধানিক অধিকাৰ আৰু ধৰ্মীয় স্বাধীনতা সুৰক্ষিত ৰাখিব লাগে।

শ্ৰীভূমি জিলাৰ বিভিন্ন স্থানত এই প্ৰতিবাদ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় আৰু সমগ্ৰ অঞ্চলত বিষয়টোক কেন্দ্ৰ কৰি ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande