এখন বিষাক্ত অৰণ্যই চানি ধৰিছে মাজুলী
মাজুলী, ১২ জুন (হি.স.)। এখন বিষাক্ত অৰণ্যই চানি ধৰিছে মাজুলী। মাজুলীৰ জন জীৱনলৈ আহিছে ভয়াবহ ভাবুকি। অপতৃৰ্ণ পাৰ্থেনীয়ামৰ কৱলত পৰিছে মাজুলী। বিভিন্ন মৰাত্মক ৰোগৰ বাহক এই ভয়ংকৰ পাৰ্থেনিয়াম।। চৰ্ম ৰোগ, এলাৰ্জি, এগজিমা, উশাহ নিশাহৰ সমস্যা, হ
এখন বিষাক্ত অৰণ্যই চানি ধৰিছে মাজুলী


মাজুলী, ১২ জুন (হি.স.)। এখন বিষাক্ত অৰণ্যই চানি ধৰিছে মাজুলী।

মাজুলীৰ জন জীৱনলৈ আহিছে ভয়াবহ ভাবুকি।

অপতৃৰ্ণ পাৰ্থেনীয়ামৰ কৱলত পৰিছে মাজুলী।

বিভিন্ন মৰাত্মক ৰোগৰ বাহক এই ভয়ংকৰ পাৰ্থেনিয়াম।।

চৰ্ম ৰোগ, এলাৰ্জি, এগজিমা, উশাহ নিশাহৰ সমস্যা, হাপানি, ব্ৰংকাইটিছ আদি বিভিন্ন ৰোগৰ কাৰক পাৰ্থেনিয়াম।

মাজুলী সাধাৰণ নাগৰিকৰ মাজত সন্ত্রাস, জিলা প্ৰশাসনৰ মাজত কপনি।

মাজুলী ৪০℅ ভূমিত পাৰ্থেনিয়ামৰ সন্ত্ৰাস। মাজুলী বনগাৱ -অফলামুখ বনগাও হালধীবাৰী, হালধীবাৰী-বগীবিল, নামনি মাজুলী মথাউৰী ,চৰ-চাপৰি সকলোতে ভয়ংকৰ পাৰ্থেনিয়াম।

বনগাঁও গাঁও পঞ্চায়ত অসম কৃষি বিশ্ববিদ্যালয় আৰু যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ ৩ গৰাকী বিজ্ঞানী সজাগতা সভা। ।

ড' মিলন জ্যোতি কোঁৱৰ,ড'অঞ্জন শৰ্মা, ড'সমীৰণ ভট্টাচাৰ্য উপস্থিত হয় মাজুলীত।

মাজুলীৰ জিলা প্ৰশাসনৰ, আৰক্ষী প্ৰশাসন,পঞ্চায়ত প্ৰতিনিধি,জলসম্পদ বিভাগ কৃষি বিভাগ আদি সকলো চৰকাৰী বিভাগৰ লগত সভা অনুষ্ঠিত কৰে। ভয়াবহ পাৰ্থেনিয়ামৰ বিষয়ে মাজুলীবাসীক সজাক সচেতন হবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande