
ডিব্ৰুগড়, ১২ জুন (হি.স.)। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সাংবাদিকৰ সৈতে মত বিনিময়।দেশৰ প্ৰধানমন্ত্ৰী ৰূপে নৰেন্দ্ৰ মোডীয়ে ১২বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠিত এই মত বিনিময় কাৰ্য্যসূচী। ডিব্ৰুগড়ৰ বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ত অনুষ্ঠিত এই মত বিনিময় অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতে উপস্থিত থাকে মন্ত্ৰী ৰামেশ্বৰ তেলী,বিমল বড়া, বিধায়ক চক্ৰধৰ গগৈ,তৰঙ্গ গগৈ, জিলা সভাপতি দুলাল বৰা,অসম প্ৰদেশৰ সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা।
বিগত ১২ বছৰ ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত যি চৰকাৰ চলি আছে ই এক সফল চৰকাৰ বুলি অভিহিত কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।বিশেষকৈ নৰেন্দ্ৰ মোডী চৰকাৰৰ দিনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কেন্দ্ৰৰ গুৰুত্ব স্বাধীনোত্তৰ কালত সৰ্বাধিক প্ৰদান কৰা বুলি উল্লখ কৰে।ব্ৰহ্মপুত্ৰৰ ওপৰত ইখনৰ পিছত সিখন দলং সম্পূৰ্ণ হৈছে নৰেন্দ্ৰ মোডীৰ দিনত,চেমি কনডাক্টৰ দৰে প্ৰকল্প আহিছে নৰেন্দ্ৰ মোডীৰ ইচ্ছাত,বাটপথ যাতায়ত ব্যৱস্থাৰ প্ৰচুৰ উন্নতি সাধন হৈছে। তেখেতে কয় দেশে এতিয়ালৈকে যিমান কেইগৰাকী প্ৰধান মন্ত্ৰী পাইছে তাৰে ভিতৰত আটাইতকৈ শক্তিশালী আৰু শ্ৰেষ্ঠ নৰেন্দ্ৰ মোডী। সাংবাদিকে কৰা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ লগতে সম্প্ৰতি ভাৰতৰ বাংলাদেশৰ সীমান্তত চলি থকা মতভেদৰ সন্দৰ্ভত চৰকাৰে লোৱা পদক্ষেপৰ বিষয়েও বক্তব্য ৰাখে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা