
নলবাৰী, ১২জুন (হি.স.)। নলবাৰীত সংঘটিত হৈছে ভয়ঙ্কৰ পথ দুৰ্ঘটনা। নলবাৰীৰ বানেকুছিত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে উক্ত পথ দুৰ্ঘটনা। ট্ৰাক আৰু চাৰি চকীয়া বাহনৰ মুখামুখী সংঘৰ্ষৰ ফলতে সংঘটিত হল উক্ত ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো। গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছে চাৰি চকীয়া বাহনত থকা চাৰি গৰাকী যাত্ৰী। চাৰি চকীয়া বাহনৰ যাত্ৰী কেই গৰাকীক সংকটজনক অৱস্থাত নলবাৰীৰ মুকুন্দ কাকতি মেডিকেলত ভৰ্তি কৰা হয়। দুৰ্ঘটনাত পতিত হোৱা চুইফ্ট ডিজেয়াৰ খনৰ নম্বৰ হল এএছ ০২ এবি ১৪৫০।
ট্ৰাক খনৰ নম্বৰ হল ডব্লিউ বি ৫৯চি ৮০৯১। চুইফট ডিজেয়াৰৰ চালক গৰাকী নিহত হোৱা বুলি ঘোষণা কৰে চিকিৎসকে। আনহাতে উক্ত দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত চাৰি বছৰীয়া এটি শিশুক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। নিহত চালক গৰাকীৰ নাম প্ৰণৱ বৰ্মন বুলি জানিব পৰা গৈছে। জানিব পৰা মতে প্ৰণব বৰ্মনৰ ঘৰ বজালীৰ তালতলত। ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম চলি থকাত ৱান ৱে কৰি ৰখাৰ ফলতে সংঘটিত হল উক্ত শোকাবহ পথ দুৰ্ঘটনাটো। ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দায়িত্বত থকা সকলো প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই উক্ত শোকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা