
কামৰূপ, ১২ জুন (হি.স.)। হাজোত কামৰূপ আৰক্ষীয়ে জব্দ কৰে কেইবা কন্টেইনাৰ নিষিদ্ধ ড্ৰাগছৰ লগতে গাঞ্জা ভৰ্তি মোনা
। বুল্লুট চাৰিআলিত অভিযান চলায় কামৰূপ আৰক্ষীয়ে জব্দ কৰে নিচাযুক্ত সামগ্ৰীখিনি
। হাইদৰ আলী নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত কামৰূপ আৰক্ষীৰ এটা বৃহৎ দলে চলালে উক্ত অভিযান
।
আৰক্ষীৰ অভিযানত হাইদৰ আলীৰ লগতে আটক হয় ৰাহুল আলী আৰু আশ্ৰফ আলী নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী
। আৰক্ষীয়ে জব্দ কৰা ৩০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰৰ বজাৰ মূল্য ২.৫ লাখ আৰু ২.৫ কেজি ওজনৰ গাঞ্জাৰ মূল্য ৬ লক্ষাধিক টকা
। আৰক্ষীয়ে স্নীফাৰ ড'গৰ সহায়ত ড্ৰাগছ ব্যৱসায়ীজনৰ ঘৰত চলায় এই অভিযান
। আৰক্ষীয়ে তিনিওকে জিম্মাত লৈ ইতিমধ্যে অব্যাহত ৰাখিছে মাৰাথন জেৰা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা