
দৰং, ১২ জুন (হি.স.)। মঙলদৈত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা।
এজাক বৰষুণতে বানপানী পথৰ ওপৰত।
ঠায়ে ঠায়ে দ গাঁতে পথচাৰীৰ মাজত সৃষ্টি কৰিছে হাহাকাৰ।
বিপদ সংকুল যাত্ৰা পথচাৰীৰ। দুৰ্ভোগ ভুগিব লগীয়া পৰিবেশ পথচাৰীৰ।
প্ৰায়েই উক্ত স্থানত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি স্থানীয় ৰাইজ তথা প্ৰত্যক্ষদৰ্শীৰ ভাষ্য।
এইটো মঙলদৈ সমষ্টিৰ অন্তৰ্গত পুনীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পৰলক্ষিত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাৰ নাই কোনো কানসাৰ।
গাঁত সমূহত দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ৰাইজেই অৱশেষত বিপদ চিহ্ন দিব লগীয়া হৈছে।
সাংসদ দিলীপ শইকীয়াই চকু মুদা কুলিৰ ভাও ধৰিছে বুলি মন্তব্য আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ।
বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ অতিশীঘ্ৰে চাৰি লেনযুক্ত পথত পৰিনত কৰাৰ দাবী ছাত্ৰ সন্থাৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা