
ইন্দোৰ, ১২ জুন (হি.স.)। মধ্যপ্ৰদেশৰ ইন্দোৰ জিলাত বৃহস্পতিবাৰে গভীৰ নিশা সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এজন আত্মীয়ৰ। শিপৰা থানা এলেকাত নিশা ১১ বজাৰ ওচৰত তীব্ৰবেগী বাছে তেওঁক খুন্দিয়ায় । শুকুৰবাৰে পুৱা তেওঁৰ মৃতদেহ এয়াৰলিফ্ট কৰি বিমানেৰে দিল্লীলৈ লৈ যোৱা হয়।
নিহত লোকজনৰ নাম প্ৰভাত সিং (২৯)। উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ ৰেৱতীৰ গাই ঘাটৰ বাসিন্দা। খবৰ অনুসৰি মৃত প্ৰভাত সিঙৰ পিতৃ প্ৰদীপ সিঙৰ ভতিজী ৰাজনাথ সিঙৰ পুত্ৰ নীৰজ সিঙৰ সৈতে বিবাহিত। অৰ্থাৎ প্ৰভাত সিং নীৰজ সিঙৰ মাতৃৰ ফালৰ পৰা মামা শহুৰৰ পুত্ৰ।
শিপৰা থানাৰ তথ্য অনুসৰি প্ৰভাত সিং কোনো কামৰ বাবে তিনিজন চিনাকিৰ সৈতে দেৱাছলৈ আহিছিল। বৃহস্পতিবাৰে নিশা গাড়ীৰে ইন্দোৰলৈ উভতি আহিছিল। শিপ্ৰা গাঁৱৰ ওচৰত কিবা কামৰ বাবে গাড়ীখন ৰখাই গাড়ীত উঠিবলৈ লওঁতেই তীব্ৰবেগী বাছে এখন খুন্দা মাৰে। দুৰ্ঘটনাটোত প্ৰভাতৰ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সংগীসকলে তেওঁক ততাতৈয়াকৈ ইন্দোৰৰ ঔৰবিন্দো হাস্পতাললৈ লৈ যায় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
বিষয়টোৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি ততাতৈয়াকৈ প্ৰশাসন আৰু আৰক্ষী বিষয়াসকলে প্ৰয়োজনীয় পদ্ধতিৰ সূচনা কৰে। পুৱা প্ৰায় ৩ বজাত বিশেষ অনুমতি সাপেক্ষে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় যাতে মৃতদেহটো অতি সোনকালে পৰিয়াললৈ প্ৰেৰণ কৰিব পৰা যায়। শুকুৰবাৰে পুৱা বিশেষ বিমানেৰে তেওঁৰ মৃতদেহ বিমানেৰে দিল্লীলৈ লৈ যোৱা হয়। দিল্লীৰ পৰা তেওঁৰ মৃতদেহ উত্তৰ প্ৰদেশৰ বাৰাণসীলৈ লৈ যোৱাৰ খবৰ পোৱা গৈছে, য’ত তেওঁৰ পৰিয়ালৰ উপস্থিতিত শেষ অনুষ্ঠান সম্পন্ন কৰা হ’ব।
দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে সোণকাটচৰ বিধায়ক ৰাজেশ সোণকাৰৰ লগতে বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতা আৰু বিষয়াই গভীৰ নিশা ঔৰবিন্দো হাস্পতালত উপস্থিত হয়। জিলা প্ৰশাসন আৰু আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলো এই ঘটনা সন্দৰ্ভত তথ্য সংগ্ৰহ আৰু প্ৰয়োজনীয় ব্যৱস্থাসমূহ নিৰীক্ষণ কৰিবলৈ চিকিৎসালয়খনত উপস্থিত হয়।
আঞ্চলিক মহকুমা বিষয়া (এছ ডি অ’) দেৱেন্দ্ৰ ধূৰ্ভেই জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বাছ চালকজনে গাড়ীখন লৈ পলায়ন কৰে। শিপৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰি তালাচী আৰম্ভ কৰিছে। ঘটনাস্থলীৰ আশে-পাশে থকা অঞ্চলৰ পৰা চিচিটিভি ফুটেজ পৰীক্ষা কৰি বাছখন চিনাক্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া