ভাৰত-আফগানিস্তানৰ খেলৰ পূর্বে ভগৱান ইন্দ্ৰুনাগৰ মন্দিৰ দৰ্শন সাংসদ অনুৰাগ ঠাকুৰ আৰু এইচ পি চি এৰ বিষয়াসকলৰ
ধৰ্মশালা, ১২ জুন (হি.স.)। ভাৰত আৰু আফগানিস্তানৰ মাজত শনিবাৰে অনুষ্ঠিত হ’বলগীয়া এদিনীয়া খেলখনৰ পূৰ্বে এইচ পি চি এৰ বিষয়াসকলৰ সৈতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ অনুৰাগ ঠাকুৰে ভগৱান ইন্দ্ৰুনাগৰ মন্দিৰ দৰ্শন কৰে। তেওঁ বিশেষ প্ৰাৰ্থনা কৰাৰ লগ
धर्मशाला के इन्द्रूनाग मंदिर में पूजा अर्चना के दौरान सांसद अनुराग और एचपीसीए पदाधिकारी।


ধৰ্মশালা, ১২ জুন (হি.স.)। ভাৰত আৰু আফগানিস্তানৰ মাজত শনিবাৰে অনুষ্ঠিত হ’বলগীয়া এদিনীয়া খেলখনৰ পূৰ্বে এইচ পি চি এৰ বিষয়াসকলৰ সৈতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ অনুৰাগ ঠাকুৰে ভগৱান ইন্দ্ৰুনাগৰ মন্দিৰ দৰ্শন কৰে। তেওঁ বিশেষ প্ৰাৰ্থনা কৰাৰ লগতে মেচখনৰ সফল পৰিচালনা আৰু পৰিষ্কাৰ বতৰৰ বাবে প্ৰাৰ্থনা কৰে। এইচ পি চি এৰ উপ সভাপতি বিজয় ভাণ্ডাৰী, সম্পাদক মনুজ শৰ্মা, কোষাধ্যক্ষ বিক্ৰম ঠাকুৰ, সম্পাদক বিশাল শৰ্মা, প্ৰাক্তন সম্পাদক অবনীশ পাৰমাৰ,কে ধৰি কেইবাজনো সদস্যও উপস্থিত থাকে। এই উপলক্ষে ১৩ জুন শনিবাৰে ধৰ্মশালাত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া খেলখনৰ সফল পৰিচালনাৰ বাবে এইচ পি চি এয়ে প্ৰাৰ্থনা আৰু আশীৰ্বাদ বিচাৰিছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ধৰ্মশালা ক্ৰিকেট ষ্টেডিয়ামত তিনিখন আই পি এল মেচ আৰু এখন কোৱালিফায়াৰ খেল অনুষ্ঠিত হৈছিল। এতিয়া এদিনীয়া খেল অনুষ্ঠিত হ’ব। এই উপলক্ষে অনুৰাগ ঠাকুৰৰ সৈতে এইচ পি চি এৰ বিষয়াসকলে বতৰ দেৱতা ইন্দ্ৰুনাগৰ মন্দিৰ পৰিদৰ্শন কৰে।

ধৰ্মশালা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া খেলখনক লৈ উৎফুল্লিত হৈ পৰিছে ক্ৰিকেট অনুৰাগীসকল। ধৰ্মশালাৰ মনোমোহা উপত্যকা আৰু সুখদায়ক বতৰ উপভোগ কৰিবলৈ মেচ চাবলৈ বৃহৎ সংখ্যক দৰ্শক উপস্থিত হৈছে।

ইখনৰ পিছত সিখন সফল মেচ আয়োজন কৰা হৈছেঃ মনুজ শৰ্মা

ইফালে এইচ পি চি এৰ সম্পাদক মনুজ শৰ্মাই উল্লেখ কৰে যে মেচখনৰ প্ৰস্তুতি চূড়ান্ত কৰা হৈছে। ইয়াত ইখনৰ পিছত সিখনকৈ বহু সফল মেচৰ আয়োজন হোৱাটো সন্থাৰ বাবে এক বৃহৎ সৌভাগ্যৰ কথা। এতিয়া ইয়াত এদিনীয়া খেলখনেই হ’ব আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

ধৰ্মশালা ক্ৰিকেট ষ্টেডিয়ামে হিমাচলৰ পৰ্যটনক এক উত্থান দিছেঃ অনুৰাগ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ অনুৰাগ ঠাকুৰে কয় যে ধৰ্মশালা ক্ৰিকেট ষ্টেডিয়ামে বিশ্বজুৰি হিমাচলৰ খ্যাতি কঢ়িয়াই আনিছে। ই হিমাচলৰ জনসাধাৰণক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন প্ৰদান কৰাৰ লগতে হিমাচলৰ পৰ্যটন উদ্যোগক উন্নীত কৰিছে। এই ষ্টেডিয়ামখনে বিশ্বজুৰি প্ৰশংসা লাভ কৰিছে। তেওঁ লগতে কয় যে এইচ পি চি এয়ে ইয়াত সফলতাৰে মেচ আয়োজন কৰি আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande