গোসাঁইগাঁওৰ ভাওঁৰাগুৰীৰ ২ নং কুসুমবিলত ভয়ংকৰ ঘটনা, মিঞাৰ আক্ৰমণত আহত বৃদ্ধা দম্পতি
ঘটনাক লৈ ভাওঁৰাগুৰী আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগীৰ কোকৰাঝাৰ, ১২ জুন (হি.স.)। গোসাঁইগাঁও মহকুমাৰ ভাওঁৰাগুৰী আৰক্ষী চকীৰ অন্তৰ্গত ২ নং কুসুমবিলত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। ছামছুল প্ৰামানিক আৰু লাকিব প্ৰামানিকৰ দাৰ কোবত আহত হয় নিমাই গোস্বামী (
গোসাঁইগাঁওৰ ভাওঁৰাগুৰীৰ ২ নং কুসুমবিলত ভয়ংকৰ ঘটনা, মিঞাৰ আক্ৰমণত আহত বৃদ্ধা দম্পতি


ঘটনাক লৈ ভাওঁৰাগুৰী আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগীৰ

কোকৰাঝাৰ, ১২ জুন (হি.স.)। গোসাঁইগাঁও মহকুমাৰ ভাওঁৰাগুৰী আৰক্ষী চকীৰ অন্তৰ্গত ২ নং কুসুমবিলত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। ছামছুল প্ৰামানিক আৰু লাকিব প্ৰামানিকৰ দাৰ কোবত আহত হয় নিমাই গোস্বামী (৬০) আৰু বিশাখা গোস্বামী (৫০) নামৰ দুই বৃদ্ধা দম্পতি।

উল্লেখ্য যে ছামছুল প্ৰামানিক আৰু লাকিব প্ৰামানিকে বৃদ্ধা দম্পতিৰ ঘৰৰ ওচৰেৰে ট্ৰেক্টৰ লৈ যোৱাত গছ গছনিৰ ক্ষতি হোৱাত বৃদ্ধা দম্পতিয়ে বাধা প্ৰদান কৰাৰ বাবে ছামছুল প্ৰামানিক আৰু লাকিব প্ৰামানিকে বৃদ্ধা দম্পতি নিমাই গোস্বামী (৬০) আৰু বিশাখা গোস্বামী (৫০) ক দাৰে প্ৰাণে মৰাৰ চেষ্টা কৰাৰ লগতে বিভিন্ন ধৰণৰ ভয় ভাবুকি দিয়ে। ইপিনে উক্ত ঘটনাক লৈ বৃদ্ধা দম্পতিয়ে ভাওঁৰাগুৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাৰ লগতে ঘটনাৰ ন্যায় বিচাৰে আৰু দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande