বজালীত সংঘটিত পথ দুৰ্ঘটনাত আহত বৈদ্যুতিক সংবাদ মাধ্যমৰ সাংবাদিক
বজালী, ১২ জুন (হি.স.)। বজালীত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। বজালী জিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গলিয়াত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত বজালীৰ প্ৰাগ নিউজৰ সাংবাদিক জিণ্টুল তালুকদাৰ গুৰুতৰভাৱে আহত হৈছে। জানিব পৰা মতে, নিজৰ কৰ্মক্ষ
বজালীত সংঘটিত পথ দুৰ্ঘটনাত আহত বৈদ্যুতিক সংবাদ মাধ্যমৰ সাংবাদিক


বজালী, ১২ জুন (হি.স.)। বজালীত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়।

বজালী জিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গলিয়াত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

দুৰ্ঘটনাত বজালীৰ প্ৰাগ নিউজৰ সাংবাদিক জিণ্টুল তালুকদাৰ গুৰুতৰভাৱে আহত হৈছে।

জানিব পৰা মতে, নিজৰ কৰ্মক্ষেত্ৰত বাতৰি সংগ্ৰহৰ উদ্দেশ্যে ওলাই অহা অৱস্থাত চাৰিচকীয়া বাহন চলাই থকা জিণ্টুল তালুকদাৰে এজন মটৰচাইকেল আৰোহীক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিব

চেষ্টা কৰাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাৰ পিছত স্থানীয় লোকৰ সহায়ত তেওঁক তৎক্ষণাত বৰপেটা চিকিৎসা মহাবিদ্য়ালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande