
গুৱাহাটী, ১২ জুন (হি.স.)। ভাৰতীয় জনতা পার্টি, অসম প্রদেশে গৌৰৱ আৰু সন্তুষ্টিৰে জনসাধাৰণক অৱগত কৰিব বিচাৰিছো যে জননেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত গঠিত নতুন চৰকাৰখনে প্রথম এমাহৰ ভিতৰতে একাধিক জনমুখী, দূৰদৰ্শী আৰু ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰি ৰাজ্য খনক উন্নয়নৰ এক নতুন দিশলৈ আগুৱাই নিয়াৰ দৃঢ় সংকল্প গ্রহণ কৰিছে। জনসাধাৰণৰ আস্থা আৰু বিশ্বাসৰ প্ৰতিদান হিচাপে চৰকাৰে উন্নয়ন, সুশাসন আৰু স্বচ্ছতাৰে সৈতে জন কল্যাণমূলক কার্যসূচী সমুহক সৰ্বাধিক গুৰুত্ব প্রদান কৰি এখন নতুন অসম নিৰ্মাণৰ বাবে কাম আৰম্ভ কৰিছে।
ইয়াৰে অংশ স্বৰূপে দীর্ঘদিনীয়া অসম আৰু নাগালেণ্ডৰ সীমা বিবাদৰ অন্ত পেলাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন সাধনৰ উদ্দেশ্যে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ মতে দেশৰ সন্মানীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় মন্ত্রী হৰদ্বীপ সিং পুৰী অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিয় ৰিওৰ উপস্থিতিত এখন ত্রিপাক্ষিক চুক্তি স্বাক্ষৰ কৰা হয়। এই চুক্তিয়ে অনাগত দিনত প্রায় ১,০০০ কিঃমিঃ অঞ্চলৰ সীমা বিবাদৰ সমস্যা সমাধানৰ লগতে সীমান্তবর্তি অঞ্চলত প্রাকৃতিক সম্পদ আহৰণৰ জৰিয়তে অনাগত সময়ত দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চল তথা আমাৰ ৰাজ্যখনৰ উন্নয়ন সাধন কৰিব। এই চুক্তিৰ ফলত আমাৰ দেশ শক্তিক্ষেত্রত আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগোৱাৰ লগতে এই চুক্তিয়ে এখন বিকশিত আৰু সুৰক্ষিত ভাৰত নিৰ্মাণৰ পথ প্রশস্ত কৰি ভাৰতৰ অষ্টলক্ষ্মী খ্যাত আমাৰ উত্তৰ পূৰ্বাঞ্চলত এটি নতুন যুগৰ সূচনা কৰিব বুলি আমি দৃঢ় বিশ্বাসী।
ইয়াৰোপৰি ইউৰোপীয় সংঘৰ ভাৰতীয় ৰাষ্ট্রদূত এইচ.ই হার্ভ ডেলফিন দেৱৰ অসম ভ্ৰমণৰ সময়ত কালি এক চুক্তি স্বাক্ষৰ কৰা হয়। এই চুক্তিৰ অধীনত ইউৰোপীয় সংঘৰ সহযোগত অসমত এক ইউৰোপীয় ব্লু ভেলী ক্লাষ্টাৰ গঠন কৰা হব ইয়াৰ ফলত আমাৰ ৰাজ্য খনৰ উদ্যোগিক বিকাশৰ এই নব্য ধাৰাই এক নতুন গতি লাভ কৰি অনাগত দিনত ৰাজ্য খনৰ জনসাধাৰণলৈ প্ৰচুৰ সম্ভাৱনাৰ বাট মুকলি কৰিব। এই চুক্তিৰ অধীনত অসমৰ পৰা বিশ্বৰ ভিন্ন প্রান্তলৈ অসমত উৎপাদিত উন্নত মানৰ সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত এক সম্ভাৱনাৰ বাট মুকলি কৰিব। ইয়াৰ ফলত আমাৰ কৃষক সকলক স্বাৱলম্বী কৰাৰ লক্ষ্যত আমাক উপনীত কৰাত সহায় কৰিব। এই চুক্তিয়ে ভাৰতত অৱস্থিত ইউৰোপীয় সংঘৰ অধীনত থকা প্রায় ২৫০ টা কোম্পানীৰ সৈতে এক বাণিজ্যিক সম্বন্ধ গঢ়ি তোলাত সহায়ক হব আৰু ই অসমৰ কৃষক, যুৱ প্রজন্ম আৰু মহিলা উদ্যমী সকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
শেহতীয়া সময়চোৱাত অসমৰ কৃষিক্ষেত্ৰ খনে এক অনন্য মাত্রা লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্ব বিখ্যাত তেজপুৰৰ ১,০০০ কিলোগ্রাম লিচু ডুবাইলৈ ৰপ্তানিয়ে আমাৰ কৃষক সকললৈ এক সম্ভাৱনাৰ দুৱাৰ মুকলিৰ লগতে তেজপুৰ লিচু মহোৎসৱৰ সফলতাই উৎসাহজনক বার্তা প্রতিফলিত কৰিছে। লিচুৰ এই বাণিজ্যিক সফলতাই অসমৰ এক কৃষি বিপ্লৱৰ সূচনা কৰিছে ইয়াৰ ফলত অসমৰ গ্ৰাম্য অর্থনীতিয়ে এক নতুন মাত্রা লাভ কৰিছে।
আনহাতে অসমত আৰম্ভ হোৱা বিশ্ব মানৰ সাংস্কৃতিক অনুষ্ঠান সমূহে এক নতুন সাংস্কৃতিক অৰ্থনীতিৰ জন্ম দিছে। অহা নৱেম্বৰ মাহত অনুষ্ঠিত হব লগা গান এণ্ড ৰোজৰ সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে অসমৰ সংস্কৃতিক অর্থনীতিলৈ এক নতুন জোৱাৰ আহিব বুলি আমি আশাবাদী। ইয়াৰ ফলশ্ৰুতিত পৰিবহণ ক্ষেত্র, পর্যটন ক্ষেত্রকে আদি কৰি আন বিভিন্ন ক্ষেত্র আর্থিক দিশত ত্বৰান্বিত হব।
ঠিক একেদৰে অসমৰ হস্ততাঁত শিল্পক নতুনত্ব প্রদান কৰি অসমৰ মুগা সূতাক থলুৱাৰ পৰা আন্তঃৰাষ্ট্ৰীয় পর্যায়লৈ লৈ যাবলৈ মিছন চেনেহজৰী” নামৰ এটা প্রকল্প হাতত লোৱা হৈছে। ইয়াৰ দ্বাৰা অসমৰ থলুৱা হস্ততাঁত শিল্পী সকলৰ আৰ্থিক বিকাশ সুনিশ্চিত হ'ব বুলি আমি আশাবাদী।
ইয়াৰোপৰি নতুন চৰকাৰখনে একক ন্যায় সংহিতা অসমত প্রযোজ্য কৰাৰ ফলত সকলো নাগৰিকৰ বাবে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ আৰু সম্পত্তি বণ্টনৰ ক্ষেত্ৰত ধৰ্মভেদে পৃথক আইন নাথাকি একে নিয়ম প্রযোজ্য হ'ব।
এই চৰকাৰ খনে পূৰ্বৰ ধাৰাবাহিকতা অব্যাহত ৰাখি গুৱাহাটীৰ প্ৰৱেশদ্বাৰত আৰু গুৱাহাটীৰ মাজমজিয়াত চৰকাৰী ভূমি বেদখল মুক্ত কৰি এখন বেদখলমুক্ত অসমৰ দিশে অগ্ৰসৰ হৈছে। এই উচ্ছেদৰ ফলত গুৱাহাটীত সংঘটিত কৰা বিভিন্ন অসামাজিক কামৰ ঘাটি নিঃশেষ হোৱা পৰিলক্ষিত হৈছে।
যাতায়তৰ ক্ষেত্ৰত ড০ শ্যামা প্রসাদ মুখার্জী উৰণসেতুৰ শুভাৰম্ভণিৰ দ্বাৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্রাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ব্যস্ততাপূর্ণ পথৰ যাত্রাকাল হ্রাস কৰি জনসাধাৰণক সকাহ দিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ৩৭৬ কোটি টকাৰ অনুমোদনবে নির্মিত উক্ত উৰণসেতু খন ধাৰ্য কৰা নিৰ্মাণ কালৰ ৪ মাহ পূর্বে সম্পূৰ্ণ কৰা হৈছে।
এই নতুন চৰকাৰখনৰ দিনত অসমৰ প্ৰায় ৮ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হোৱাকৈ পূৰ্বৰ ৫৮ শতাংশ ভাট্টা ৬০ শতাংশ লৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ লগতে ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী উন্নয়নৰ ৫০০ কোটি টকা ধাৰ্য কৰাৰ লগতে বিধায়ক সকলৰ বাৰ্ষিক বিধায়কৰ স্থানীয় অঞ্চল উন্নয়ন পুঁজি'ৰ পৰিমাণ ১.৫০ কোটিলৈ বৃদ্ধি কৰিছে।
কিছুদিন পূর্বে সমাজিক মাধ্যম যোগে এটি কণমাণিৰ ভিডিঅ ভাইৰেল হৈ পৰিছিল য'ত কণমানি জনীয়ে অসমৰ মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মাক শ্রেণী কোঠাত এখন ফেন বিচাৰিছিল আৰু তাৰ ২৪ ঘণ্টাৰ ভিতৰত স্কুলখনত ফেনৰ সুবিধা কৰি দিয়া হৈছিল।
মুখ্যমন্ত্রী ড০ শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ অসম চৰকাৰখনে সমাজৰ বিভিন্ন স্তৰৰ সৰু-বৰ সমস্যা সমূহক গুৰুত্ব প্রদান কৰাৰ লগতে ইয়াক ক্ষীপ্ৰতাৰে সমাধান কৰাৰ বাবে অগ্ৰসৰ হৈছে এই কথা কণমাণিজনীৰ ঘটনাৰ জৰিয়তে প্রতিফলিত হৈছে। আমি বিশ্বাসী যে নতুন চৰকাৰ খনৰ ৩০ টা দিনত লোৱা কার্যপন্থাই অনাগত দিনত অসমৰ বিকাশৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী