মানকাচৰৰ ঝাউডাঙাত সংঘটিত অগ্নিকাণ্ডত ভস্মীভূত ৫ টা বাসগৃহ
মানকাচৰ, ১২ জুন (হি.স.)। মানকাচৰৰ ঝাউডাঙাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে ভস্মীভূত ৫ টা বাসগৃহ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিৰ ঝাউডাঙা পূবেৰ গাঁৱত নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জুইৰ লেলিহান শিখাই নিমিষতে জ্বলাই
মানকাচৰৰ ঝাউডাঙাত সংঘটিত অগ্নিকাণ্ডত ভস্মীভূত ৫ টা বাসগৃহ


মানকাচৰ, ১২ জুন (হি.স.)। মানকাচৰৰ ঝাউডাঙাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে ভস্মীভূত ৫ টা বাসগৃহ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিৰ ঝাউডাঙা পূবেৰ গাঁৱত নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জুইৰ লেলিহান শিখাই নিমিষতে জ্বলাই ভস্মীভূত কৰে পাঁচটা পৰিয়ালৰ পাঁচটাকৈ বাসগৃহ।

জানিব পৰা অনুসৰি, গাঁওখনৰ শ্বাহ জামাল নামৰ এজন লোকৰ ঘৰত বিদ্যুৎ বিজুতিৰ ফলত অগ্নিকাণ্ডৰ সুত্ৰপাত হয়। মূহূৰ্তৰ ভিতৰতে জুই বিয়পি পৰে ওচৰ-চুবুৰীয়াৰ ঘৰ সমূহলৈ। অগ্নিকাণ্ডত শ্বাহ জামাল, ছেলিনা বেগম, চাহেব আলী, নাজিৰুল ইছলাম আৰু ফিৰদৌছ আলীৰ বাসগৃহ সম্পূৰ্ণৰূপে জ্বলি ছাই হয়।

অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে পকীঘৰ সমূহো জুইৰ কবলৰ পৰা ৰক্ষা নাপালে। পৰিয়াল সমূহে ঘৰৰ ভিতৰত থকা কোনো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল। ফলত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহ বৰ্তমান সম্পূৰ্ণৰূপে অসহায় অৱস্থাত পৰিছে। অগ্নিদগ্ধ হৈ মৃত্য়ুমুখত পৰে গৰু, ছাগলী, হাঁহ-কুকুৰাৰ লগতে ভস্মীভুত হৈ ঘৰত মজুত কৰি ৰখা ধান, সৰিয়হ, মাকৈ, সোণৰ আ-অলংকাৰ, গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু অন্যান্য মূল্যৱান সামগ্ৰী। স্থানীয় ৰাইজৰ মতে, উক্ত অগ্নিকাণ্ডত প্ৰায় ৪০ লক্ষাধিক টকাৰ সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হৈছে।

পিছত স্থানীয় ৰাইজৰ সহযোগিতাত মানকাচৰ অগ্নিনিৰ্বাপক বাহিনীৰ দলে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত মানকাচৰ আৰক্ষী আৰু জিলা দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে ক্ষয়ক্ষতিৰ বুজ লয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande