
গুৱাহাটী, ১২ জুন(হি.স.)। মহানগৰীত গছ পৰি মহাবিদ্যালয়ৰ ছাত্ৰী নিহত। গুৰুতৰভাৱে আহত এজন মহাবিদ্যালয়ৰ ছাত্ৰ। ভূতনাথৰ কালীপুৰত সংঘটিত হৈছে উক্ত ভয়ংকৰ দুৰ্ঘটনাটো। স্কুটীৰে পৰীক্ষা দিবলৈ গৈ থকাৰ সময়তে দুই ছাত্ৰ-ছাত্ৰীৰ ওপৰত বাগৰি পৰে এজোপা প্ৰকাণ্ড গছ।
ইগনোৰ অধীনত স্নাতকোত্তৰ পাঠ গ্ৰহণ কৰি আছিল ছাত্ৰী গৰাকীয়ে। পাণ্ডু মহাবিদ্যালয়ত আছিল পৰীক্ষা কেন্দ্ৰ।পৰীক্ষা দিবলৈ গৈ থকাৰ সময়তে উক্ত অঘটনৰ সন্মুখীন হয় দুই ছাত্ৰ-ছাত্ৰী। গছৰ তলত বহু সময় ধৰি আবদ্ধ হৈ আছিল দুই ছাত্ৰ-ছাত্ৰী।দুই ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰে স্থানীয় ৰাইজে। সংকটজনক অৱস্থাত হাস্পতাললৈ নিয়াৰ সময়তে ছাত্ৰীগৰাকীৰ মৃত্যু হয়।
নিহত ছাত্ৰী গৰাকীৰ নাম পৰিস্মিতা হাজৰিকা বুলি জানিব পৰা গৈছে। আহত ছাত্ৰজনক জ্যোতিৰ্ময় মহন বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ