
নতুন দিল্লী, ১২ জুন (হি.স.)। ওমান উপকূলত পালাউৰ পতাকা থকা তেল টেংকাৰ এম টি চেটেবেলোত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাৱিক আৰু তেওঁলোকৰ পৰিয়ালক তাৎক্ষণিক সহায়ৰ বাবে ২৪ ঘণ্টীয়া হেল্পলাইন নম্বৰ প্ৰকাশ কৰিছে।
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে প্ৰকাশ কৰা হেল্পলাইন নম্বৰসমূহ হ’ল- হোৱাটছএপ কল (এম এম ডি চি): +৯১ ৮৬৫৭৫৪৯৭৬০, বিকল্প নম্বৰ: +৯১ ২২২২৬১৩৬০৬, +৯১ ৮৬৫৭৫৪৯৭৫২, অভিযোগ নিৰাময় চেনেল (ঘৰুৱা টোল-ফ্ৰী): ১৮০০-৮৮৯-৭৭৬৮, আন্তঃৰাষ্ট্ৰীয় টোল-ফ্ৰী নম্বৰ: +১-৮৮৮-৯৮৮-০২৫৬, আৰু অভিযোগ নিৰাময় হোৱাটছএপ কল: +৯১ ৮৬৫৫৮৫৬৮৩০।
মন্ত্ৰালয়ে নিজৰ জাহাজ পৰিবহণ সঞ্চালকালয় (ডিজিএছ)ৰ জৰিয়তে হৰমুজ জলদ্বীপ, ওমান উপসাগৰ আৰু ইয়াৰ আশে-পাশে থকা স্পৰ্শকাতৰ সামুদ্ৰিক অঞ্চলসমূহত দিনে-নিশাই নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে।
১০ জুনত ওমানৰ সোহাৰৰ পৰা প্ৰায় ২০ নটিকেল মাইল উত্তৰ-পূবে ক্ষেপণাস্ত্ৰৰ দ্বাৰা আক্ৰমণ কৰা হৈছিল এম টি চেটেবেলো নামৰ মধ্যম দূৰত্বৰ তেল টেংকাৰ এখন। জাহাজখনত মুঠ ২৮ জন ক্ৰু মেম্বাৰ আছিল, ইয়াৰে ২৪ জন ভাৰতীয় নাগৰিক। দুৰ্ঘটনাত তিনিজন ভাৰতীয় নাৱিকৰ মৃত্যু হোৱাৰ বিপৰীতে বাকী সকলো ক্ৰু মেম্বাৰক নিৰাপদে উদ্ধাৰ কৰা হয়।
জাহাজ সঞ্চালকালয়ে সংঘাতময় অঞ্চলৰ মাজেৰে ট্ৰেনজিট কৰা ভাৰতীয় আৰু বিদেশী পতাকাযুক্ত জাহাজত কাম কৰা সকলো ভাৰতীয় নাৱিকক অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে।
লগতে জাহাজ পৰিচালক আৰু জাহাজ চলোৱা কোম্পানীসমূহক সামুদ্ৰিক সুৰক্ষাৰ নিয়মসমূহ কঠোৰভাৱে মানি চলিবলৈ আৰু কেন্দ্ৰীয় চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় কৰ্তৃপক্ষই সময়ে সময়ে জাৰি কৰা নিৰ্দেশনাসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰিবলৈ চৰকাৰে কঠোৰ পৰামৰ্শ দিছে। জাহাজ পৰিবহণ সঞ্চালকালয়ক তৎকালীনভাৱে যিকোনো অপ্ৰীতিকৰ ঘটনা বা জৰুৰী পৰিস্থিতিৰ খবৰ দিবলৈ কোৱা হৈছে যাতে পৰিস্থিতিৰ শীঘ্ৰে মোকাবিলা কৰিব পৰা যায়।
ভাৰত চৰকাৰে স্পষ্ট কৰি দিছে যে ভূ-ৰাজনৈতিক অনিশ্চয়তাৰ এই কঠিন সময়ছোৱাত দেশৰ নাৱিক আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে দৃঢ়তাৰে থিয় দিছে আৰু তেওঁলোকৰ সুৰক্ষা আৰু মংগল সুনিশ্চিত কৰাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া