
গুৱাহাটী, ১২ জুন (হি.স.)। অহা ২০ জুনত মহানগৰীৰ জজখেলপথাৰ সংলগ্ন ঐতিহ্যমণ্ডিত গুৱাহাটী টাউন ক্লাব প্ৰেক্ষাগৃহত সদৌ অসমভিত্তিত এদিনীয়া বেপিড দবা প্রতিযোগিতাৰ আয়োজন কৰা হৈছে।
ৰাভা দিৱসৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গুৱাহাটী মহানগৰ কমিটীয়ে আয়োজন কৰিছে উক্ত মুকলি ৰেপিড দবা প্রতিযোগিতাখন। উল্লেখ্য যে প্রাইজমাণি সম্বলিত প্ৰতিযোগিতাখনৰ ১০টা পুৰস্কাৰ ঘোষণা কৰা প্রতিযোগিতাখনৰ । বিজয়ী আৰু বিজিত খেলুৱৈক ট্রফী আৰু মেডেল আগবঢ়োৱা হ'ব। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গুৱাহাটী মহানগৰ কমিটীৰ সভাপতি অনিৰূদ্ধ যাদৱ আৰু কাৰ্যালয় সম্পাদক চন্দন দাসে জানিবলৈ দিয়া মতে প্রতিযোগিতাৰ বঁটা বিতৰণী সভাখনত কেইবাগৰাকীও বিশিষ্ট ক্ৰীড়াবিদ,ক্ৰীড়া প্ৰশাসক উপস্থিত থাকিব। আনহাতে, প্রতিযোগিতা সন্দর্ভত অধিক জানিবৰ বাবে আর্বিটাব প্ৰণৱ কুমাৰ নাথ আৰু নন্দন বুঢ়াগোঁহাঞিৰ সৈতে ৯৮৬৪৯১১৯৩৬, ৯৮৬৪৪৪৩০৫১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আয়োজক সভাপতি-কাৰ্যালয় সম্পাদকদ্বয়ে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী