
নতুন দিল্লী, ১২ জুন (হি.স.)। পশ্চিম এছিয়াত চলি থকা সংকটৰ মাজতে অৰ্থনৈতিক মঞ্চত বিপৰ্যয়ৰ খবৰ আহিছে এক জোকাৰণিৰ দৰে। একেৰাহে তৃতীয় সপ্তাহৰ বাবে হ্ৰাস পাইছে বৈদেশিক মুদ্ৰাৰ মজুত। ৫ জুনত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৭১১ মিলিয়ন ডলাৰ হ্ৰাস পাই ৬৮১.৬১ বিলিয়ন ডলাৰ হৈছে।
ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে প্ৰকাশ কৰা তথ্যত উল্লেখ কৰিছে যে ৫ জুনত সমাপ্ত হোৱা সপ্তাহত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৬৮১.৬১ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে।বিগত সপ্তাহত বৈদেশিক মুদ্ৰাৰ মজুত ৯৩৮ মিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৮২.৩২ বিলিয়ন ডলাৰ হৈছে।
আৰ বি আইৰ তথ্য অনুসৰি ৫ জুনত সমাপ্ত হোৱা সপ্তাহটোত বৈদেশিক মুদ্ৰাৰ মজুতৰ প্ৰধান উপাদান বিদেশী মুদ্ৰাৰ সম্পত্তি (এফ চি এ) ২৭০৪ মিলিয়ন ডলাৰ হ্ৰাস পাই ৫৪৩.৪৪ বিলিয়ন ডলাৰ হৈছে।কিন্তু এই সময়ছোৱাত সোণৰ মজুতৰ মূল্য ১.৯৭ বিলিয়ন ডলাৰ বৃদ্ধি পাই ১১৪.৫৭ বিলিয়ন ডলাৰ হৈছে।
আৰ বি আইয়ে প্ৰকাশ কৰা অনুসৰি এই সময়ছোৱাত বিশেষ ড্ৰয়িং ৰাইটছ (এছ ডি আৰ) ১৮ মিলিয়ন ডলাৰ বৃদ্ধি পাই ১৮.৭৬ বিলিয়ন ডলাৰ হৈছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ সৈতে ভাৰতৰ সংৰক্ষিত স্থান ৪.৮২৬ বিলিয়ন ডলাৰ।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০২৬ চনৰ ২৭ ফেব্ৰুৱাৰীত সমাপ্ত হোৱা সপ্তাহটোত দেশখনৰ বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ সৰ্বোচ্চ ৭২৮.৪৯ বিলিয়ন ডলাৰত উপনীত হৈছিল।ডলাৰৰ হিচাপত বিদেশী মুদ্ৰাৰ সম্পত্তিৰ ভিতৰত ইউৰো, পাউণ্ড, য়েনৰ দৰে অ-আমেৰিকান মুদ্ৰাৰ মূল্যৰ উঠা-নমাৰ প্ৰভাৱো অন্তৰ্ভুক্ত কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া