মানকাচৰৰ ঝাওডাঙাত ভয়ংকৰ অগ্নিকাণ্ড
মানকাচৰ, ১২ জুন (হি.স.)। মানকাচৰৰ ঝাওডাঙাত নিশা ভয়ংকৰ অগ্নিকাণ্ড। তিনিটা পৰিয়ালৰ ৩টা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত লগত আন ৩ টা কিছু পৰিমানে ভস্মিভুত। ইলিযাছ আলী;সাহা জামাল (পকী ঘৰ) ফিৰদৌছ আলী আৰু নুৰ ইছলামৰ (পকী ঘৰ) পৰিয়াল কেইটাৰ ঘৰৰ পৰা নথি পত্ৰকে
মানকাচৰৰ ঝাওডাঙাত ভয়ংকৰ অগ্নিকাণ্ড


মানকাচৰ, ১২ জুন (হি.স.)। মানকাচৰৰ ঝাওডাঙাত নিশা ভয়ংকৰ অগ্নিকাণ্ড। তিনিটা পৰিয়ালৰ ৩টা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত লগত আন ৩ টা কিছু পৰিমানে ভস্মিভুত।

ইলিযাছ আলী;সাহা জামাল (পকী ঘৰ) ফিৰদৌছ আলী আৰু নুৰ ইছলামৰ (পকী ঘৰ) পৰিয়াল কেইটাৰ ঘৰৰ পৰা নথি পত্ৰকে ধৰি এপদ সা সামগ্ৰীও ওলাৱ পৰা নাই বুলি জানিব পৰা গৈছে।

স্হানীয় ৰাইজৰ তৎপৰাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷ ইপিনে মানকাচৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷ জুই লগাৰ প্ৰকৃত কাৰন জানিব পৰা হোৱা নাই৷ঘটনাস্থলীত মানকাচৰ আৰক্ষীৰ দল উপস্হিত হৈ আগ্নি কান্ডৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ উপৰিও তদন্ত আৰম্ভ কৰিছে৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande