
নতুন দিল্লী, ১২ জুন (হি.স.)। দক্ষিণ-পূব দিল্লীৰ গোবিন্দপুৰী অঞ্চলত যোৱা নিশা পাঁচ মহলীয়া আৱাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱাত তিনিজন লোকৰ প্ৰাণ হানি হয়। ধোঁৱা আৰু জুইৰ শিখাৰ পৰা উদ্ধাৰ কৰা হয় আন পাঁচজনক। আনহাতে আন দুজনৰ অৱস্থা সংকটজনক হৈ আছে আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
দক্ষিণ-পূব জিলাৰ উপ-আয়ুক্ত ডাঃ হেমন্ত তিৱাৰীয়ে শুকুৰবাৰে জনোৱা মতে, ১১ আৰু ১২ জুনৰ মাজৰ নিশা প্ৰায় ২:২৪ বজাত গোবিন্দপুৰী আৰক্ষী থানাই তুগলাকাবাদ এক্সটেনচনৰ এটা অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ তথ্য লাভ কৰে। তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীয়ে ষ্টেচন ইনচাৰ্জৰ সৈতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। চাৰিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু এখন কেট (CAT) এম্বুলেন্সো আহি উপস্থিত হয়। গোটেই অট্টালিকাটো ধোঁৱাৰে ভৰি পৰিছিল, ভিতৰত কেইবাজনো লোক আবদ্ধ হৈ পৰিছিল। ধোঁৱাত আবদ্ধ হৈ থকা আঠজন লোকক উদ্ধাৰ কৰি ছফদৰজং হাস্পতাল আৰু এইমছ ট্ৰমা চেণ্টাৰলৈ লৈ যোৱাৰ বাবে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, উদ্ধাৰকাৰী দলে যৌথ অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনাত এজন ২২ বছৰীয়া যুৱক আৰু দুগৰাকী মহিলাৰ মৃত্যু হয়। আন দুজন আহত লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে অঞ্চলটোত আতংকৰ সৃষ্টি হয়।
তলৰ মহলাত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে, সাতখন দুচকীয়া বাহনৰ আন্ত্ৰাসন
গোবিন্দপুৰীৰ তুগলাকাবাদ এক্সটেনচনৰ ভৱনটোৰ প্ৰাৰম্ভিক তদন্তত শ্বৰ্ট চাৰ্কিটৰ জুইৰ সম্ভাৱ্য কাৰণ বুলি প্ৰকাশ পাইছে। অৱশ্যে বিতং তদন্তৰ পিছতহে ইয়াৰ সঠিক কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে জনাইছে।
প্ৰাথমিক তদন্ত অনুসৰি অট্টালিকাৰ তলৰ মহলাত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হয়। জুইয়ে দ্ৰুতগতিত তাত ৰখাই থোৱা ৭খন দুচকীয়া বাহন আগুৰি ধৰে, য’ত চাৰ্জ হৈ থকা এখন ইলেক্ট্ৰিক স্কুটাৰো আছিল। বাহনসমূহত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে বৃহৎ পৰিমাণৰ ধোঁৱা বিয়পি পৰাৰ ফলত ওপৰৰ মহলাত আবদ্ধ হৈ পৰে বাসিন্দাসকল। অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে আৰু উদ্ধাৰ অভিযান চলায়। বিষয়াসকলে জনোৱা মতে, ফৰেনছিক আৰু কাৰিকৰী তদন্তৰ পিছতহে জুইৰ সঠিক কাৰণ নিৰ্ণয় কৰা হ’ব। আৰক্ষীয়ে এই কাণ্ডৰ তদন্ত কৰি আছে আৰু অট্টালিকাটোৰ সুৰক্ষাৰ মানদণ্ড, বৈদ্যুতিক ব্যৱস্থা, আৰু অন্যান্য দিশসমূহো পৰীক্ষা কৰি আছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ