
গুৱাহাটী, ১২ জুন (হি.স.)। মালবাহী ৰেলৰ সুদক্ষ পৰিচালন আৰু যথাসময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণৰ প্ৰতি প্ৰতিৱদ্ধতাৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰেলৱেই চলিত বৰ্ষৰ মে’ মাহৰ সময়চোৱাত সামগ্ৰী লোডিঙত এক উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। উক্ত মাহটোত উত্তৰ-পূব সীমান্ত ৰেলৱেই সৰ্বমুঠ ১.০৩৩ মিলিয়ন টন (এমটি) মালবস্তুৰ লোডিঙেৰে এক উল্লেখনীয় সফলতা অৰ্জন কৰে।
চলিত বৰ্ষৰ মে’ মাহৰ সময়চোৱাত কেইবাটাও গুৰুত্বপূৰ্ণ সামগ্ৰী লোডিঙত উল্লেখযোগ্য বৃদ্ধি হোৱা পৰিলক্ষিত হয়। চিমেণ্ট লোডিঙত ২৩১.৩% এক ব্যতিক্ৰমী বৃদ্ধি হোৱাৰ বিপৰীতে, ড’লোমাইটৰ লোডিং বিগত বৰ্ষৰ এই একেই সময়চোৱাৰ তুলনাত ৩১.১% বৃদ্ধি প্ৰত্যক্ষ কৰা যায়। পেট্ৰ’লিয়াম, অইল আৰু লুব্ৰিকেণ্টৰ লোডিঙতো ১২.৫% এক সন্তোষজনক বৃদ্ধি দেখা যায়। তদুপৰি, “অন্যান্য” শিতানৰ অধীনত বাঁহৰ লোডিঙত ১৪২.৯% ৰ এক অভিলেখ সংখ্যক বৃদ্ধি হয় যি সমগ্ৰ অঞ্চলজুৰি নিৰ্মাণসম্পৰ্কীয় আনুষংগিক সামগ্ৰীৰ অধিক পৰিবহণকে প্ৰতিফলিত কৰিছে।
সামগ্ৰী লোডিঙত এই ধাৰাবাহিক বৃদ্ধিয়ে উত্তৰ-পূৰ্বাঞ্চল আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত বৃদ্ধি পোৱা অৰ্থনৈতিক আৰু ঔদ্যোগিক কাৰ্যকলাপক স্পষ্টভাৱে প্ৰতিফলিত কৰে। এই ধাৰাবাহিক বৃদ্ধিয়ে কেৱল যোগানৰ আঞ্চলিক ধাৰাবাহিক ব্যৱস্থাক শক্তিশালী কৰাই নহয়, আনহাতে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰাজহ উপাৰ্জনতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।
আগন্তুক সময়ত মালবাহী ৰেল পৰিবহণৰ নিৰ্ভৰযোগ্যতা আৰু ধাৰাবাহিক বৃদ্ধিৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেই প্ৰযুক্তিগত উন্নয়ন, পৰিচালন ক্ষমতা বৃদ্ধি আৰু মালবাহী ৰেলৰ গ্ৰাহক-কেন্দ্ৰিক সেৱাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি যাব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী