
গোলাঘাট, ১২ জুন (হি.স.)। গোলাঘাটৰ কুমাৰপট্ত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। আটক আৰিফ আলি নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী যুৱক। কেইবা লক্ষাধিক টকাৰ ড্ৰাগছ,৭টা ম'বাইল ফোন,নগদ ধন উদ্ধাৰ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনৰ পৰা।
উল্লেখ্য যে শেহতীয়াকৈ গোলাঘাটত চোৰকে ধৰি অপৰাধজনিত কাৰ্যকলাপ বৃদ্ধি পাই আহিছে। অপৰাধৰ মূলতে ড্ৰাগছৰ সম্প্ৰসাৰণ বুলি ৰাইজে ক'ব বিচাৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু