
শিৱসাগৰ, ১২ জুন (হি.স.)। শিৱসাগৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত। শিৱসাগৰৰ জেঙনিকটিয়াত পুনৰ ড্ৰাগছসহ আটক এজন ।হানিফ আলি নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ আটক কৰে আৰক্ষীয়ে। হানিফ আলিৰ পৰা আৰক্ষীয়ে ১৫ গ্ৰামকৈ থকা ৮ টা ড্ৰাগচ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিব সক্ষম হয়।
ড্ৰাগছ সৰবৰাহকাৰীজনে কোনো অজ্ঞাত স্থানলৈ কঢ়িয়াই নিছিল ড্ৰাগছখিনি। ইয়াৰ এদিন পুৰ্বে শিৱসাগৰ জিলা কাৰাগাৰৰ সন্মুখৰ পৰা দুজন যুৱকে ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত আটক কৰিছিল আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ