গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্ত চীল কৰাৰ দাবী ধুবুৰী জিলা আছুৰ
ধুবুৰী, ১২ জুন (হি.স.)। গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্ত চীল কৰাৰ দাবী ধুবুৰী জিলা আছুৰ। ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সুৰক্ষা ব্যৱস্থাক লৈ সৰৱ হৈ উঠিছে ধুবুৰী জিলা ছাত্ৰ সন্থা। ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে আন্তঃৰাষ্ট্ৰীয় সীমান্
গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্ত চীল কৰাৰ দাবী ধুবুৰী জিলা আছুৰ


ধুবুৰী, ১২ জুন (হি.স.)। গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্ত চীল কৰাৰ দাবী ধুবুৰী জিলা আছুৰ।

ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সুৰক্ষা ব্যৱস্থাক লৈ সৰৱ হৈ উঠিছে ধুবুৰী জিলা ছাত্ৰ সন্থা। ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ভোগডাঙা গাঁৱ পৰিদৰ্শন কৰি ৰাইজৰ সমস্যাৰ বুজ লয়।

তেনে সময়তে সংবাদ মাধ্যমৰ আগত বহু কেইটা দাবী উত্থাপন কৰে ধুবুৰী জিলা আছুয়ে। ভাৰত- বাংলাদেশ সীমান্তৰ বিন্নাছৰা অঞ্চলৰ উন্মুক্ত নদীপথ শীঘ্ৰে চীল কৰাৰ দাবী জনোৱাৰ লগতে ভোগডাঙা গাঁৱত উন্নত শিক্ষা আৰু চিকিৎসা সেৱাৰ ব্যৱস্থা নিশ্চিত কৰাৰ দাবী জনায়। ইয়াৰ উপৰিও সীমান্তবাসী ৰাইজে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ স্থায়ী সমাধানৰ বাবে দাবী উত্থাপন কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande