
ধুবুৰী, ১২ জুন (হি.স.)। বিলাসীপাৰাৰ সাপটগ্ৰামত কালি নিশা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।সাপটগ্ৰাম আৰু ৰাণীগঞ্জ আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ হিৰোইনসহ দুই সৰবৰাহকাৰী আটক।আটিয়াবাৰী আৰু ৰাঙাপানী দ্বিতীয় খণ্ড গাঁৱৰ পৰা আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক।
আটকাধীন সৰবৰাহকাৰী দুজন পৰা ৪৭ গ্ৰাম হিৰোইনসহ দুটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে জুল হুছেইন আৰু ছামছুল হক।ধৃত জুল হুছেইনৰ ঘৰ আলমগঞ্জ আৰু ছামছুলৰ হকৰ ঘৰ ফকিৰগঞ্জত বুলি জানিব পৰা গৈছে।সম্প্ৰতি নিষিদ্ধ হিৰোইন সৰবৰাহকাৰী দুজনক সাপটগ্ৰাম আৰক্ষীৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ