
ধুবুৰী, ১২ জুন (হি.স.)। ধুবুৰী মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল।
স্বাস্থ্য খণ্ডৰ যথেষ্ট উন্নয়ন হৈছে।
ডিএমচিএইছ ত ৩৬ টা অস্ত্ৰোপচাৰ কৰা হৈছে ৩৬ টাই সফল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে।
অহা বছৰ ধুবুৰী মেডিকেল কলেজৰ পৰা এমবিবিএছ ৰ বেটচ ওলাব বুলি মন্তব্য মন্ত্ৰী অশোক সিংঘালৰ।
শেহতীয়াকৈ ধুবুৰীৰ তামাৰহাটত সৰ্প দংশনত খাদিজা পাৰবিন নামৰ ছাত্ৰীৰ মৃত্যু সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় - তামাৰহাটৰ ঘটনাটো মোৰ দৃষ্টি গোচৰ হৈছে। কি কাৰণত মৃত্যু হৈছে সেয়া তদন্ত কৰিবলৈ দিয়া হৈছে। তদন্তৰ পিছতহে ক'ব পাৰিম।
মেডিকেল কলেজৰ চিকিৎসালয়ৰ ৰোগী আৰু স্বাস্থ্য কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী অশোক সিংঘালে।
মেডিকেল কলেজৰ অধ্যক্ষ, প্ৰফেছাৰ সকলৰ সৈতেও এখন সভাত বহে মন্ত্ৰী গৰাকীয়ে। স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ সৈতে মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰো
থাকে।
ইয়াৰ ধুবুৰী জিলা প্ৰশাসনৰ বিষয়া সকলৰ সৈতে ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ত এখন পৰ্য্যালোচনা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী অশোক সিংঘালে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা