কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল পাম্পৰ পৰা ঔদ্যোগিক পেট্ৰ’ল আৰু ডিজেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ
নতুন দিল্লী, ১২ জুন (হি.স.)। পশ্চিম এছিয়াত বৃদ্ধি পোৱা ভূ-ৰাজনৈতিক উত্তেজনা আৰু ইন্ধন যোগানৰ ক্ষেত্ৰত সম্ভাৱ্য প্ৰত্যাহ্বানৰ মাজতে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ঔদ্যোগিক, বাণিজ্
पेट्रोल पंप के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ১২ জুন (হি.স.)। পশ্চিম এছিয়াত বৃদ্ধি পোৱা ভূ-ৰাজনৈতিক উত্তেজনা আৰু ইন্ধন যোগানৰ ক্ষেত্ৰত সম্ভাৱ্য প্ৰত্যাহ্বানৰ মাজতে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ঔদ্যোগিক, বাণিজ্যিক, প্ৰতিষ্ঠানিক গ্ৰাহকে পেট্ৰ’ল পাম্পৰ পৰা পেট্ৰ’ল আৰু ডিজেল ক্ৰয় কৰাত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে। এই গ্ৰাহকসকলে এতিয়া পাইকাৰী বিপণী বা নিৰ্দিষ্ট গ্ৰাহক পাম্পৰ পৰা নিজৰ ইন্ধন ক্ৰয় কৰিব লাগিব।

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ১১ জুনত মটৰ স্পিৰিট আৰু হাই স্পীড ডিজেল (খুচৰা বিপণীৰ জৰিয়তে যোগানৰ অস্থায়ী নিয়ন্ত্ৰণ) আদেশ, ২০২৬ জাৰি কৰে। এই আদেশত খুচুৰা পেট্ৰ’ল পাম্পৰ পৰা সৰ্বাধিক ৯০ দিনৰ বাবে ইন্ধন পাইকাৰী ভিত্তিত ক্ৰয় কৰাত বাধা আৰোপ কৰা হৈছে। মন্ত্ৰালয়ৰ মতে, সমগ্ৰ দেশতে পেট্ৰ’ল আৰু ডিজেলৰ ন্যায্য উপলব্ধতা নিশ্চিত কৰা, জমা কৰা ৰোধ আৰু নিৰৱচ্ছিন্ন যোগান বজাই ৰখাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশত উল্লেখ কৰা হৈছে যে যোৱা কিছুদিনত কিছুমান অঞ্চলত বিশেষকৈ ডিজেলৰ চাহিদা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। মূল্যৰ পাৰ্থক্যৰ সুবিধা ল’বলৈ বহু গ্ৰাহকে পাইকাৰী বিপণীৰ পৰিৱৰ্তে খুচুৰা পেট্ৰ’ল পাম্পৰ পৰা ইন্ধন ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ ফলত খুচুৰা যোগান ব্যৱস্থাত অতিৰিক্ত চাপৰ আশংকা সৃষ্টি হৈছিল।

নতুন নিয়মৰ অধীনত উদ্যোগিক ইউনিট, বাণিজ্যিক প্ৰতিষ্ঠান, আৰু প্ৰতিষ্ঠানিক গ্ৰাহকে আৰু পেট্ৰ’ল পাম্পৰ পৰা পোনপটীয়াকৈ ইন্ধন ক্ৰয় কৰিব নোৱাৰিব। তেওঁলোকে কেৱল অনুমোদিত পাইকাৰী যোগান চেনেল বা নিজৰ গ্ৰাহক পাম্পৰ জৰিয়তেহে ইন্ধন লাভ কৰিব লাগিব।

খুচুৰা আৰু পাইকাৰী মূল্যৰ যথেষ্ট পাৰ্থক্যও চৰকাৰৰ এই সিদ্ধান্তৰ আঁৰৰ এটা ডাঙৰ কাৰণ বুলি ধাৰণা কৰা হৈছে। উদাহৰণস্বৰূপে নতুন দিল্লীত খুচুৰা পেট্ৰ’ল পাম্পত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯৫.২০ ₹, আনহাতে পাইকাৰী মূল্য প্ৰতি লিটাৰত ১৩৪.৫০ ₹। এই মূল্যৰ পাৰ্থক্যৰ বাবে বহু গ্ৰাহকে নিজৰ বৃহৎ প্ৰয়োজনীয়তাৰ সত্ত্বেও খুচুৰা পাম্পৰ পৰা ইন্ধন ক্ৰয় কৰিবলৈ আৰম্ভ কৰে। ফলত ব্যক্তিগত পাইকাৰী বিপণীত বিক্ৰী প্ৰভাৱিত হয় আৰু চাহিদাৰ এক উল্লেখযোগ্য অংশ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহৰ খুচুৰা নেটৱৰ্কলৈ স্থানান্তৰিত হয়।

চৰকাৰৰ মতে খুচুৰা বিপণীৰ পৰা বৃহৎ পৰিসৰত ইন্ধন ক্ৰয় অব্যাহত থাকিলে পেট্ৰ’ল-ডিজেলৰ স্থানীয় উপলব্ধতাত প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত পৰিবহণ সেৱা, অত্যাৱশ্যকীয় যোগান শৃংখল, আৰু গ্ৰাহকৰ বাবে ইন্ধনৰ উপলব্ধতাত প্ৰভাৱ পৰিব পাৰে। এই চিন্তাৰ পোহৰত এই অস্থায়ী নিষেধাজ্ঞা কাৰ্যকৰী কৰা হৈছে।

এই আদেশ অনুসৰি এই ব্যৱস্থা প্ৰথম অৱস্থাত ৯০ দিন কাৰ্যকৰী হৈ থাকিব। কিন্তু পৰিস্থিতি আৰু চাহিদা-যোগানৰ পৰিস্থিতি পুনৰীক্ষণ কৰি এই সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হ’ব পাৰে।

উল্লেখযোগ্য যে মে’ মাহত ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানী ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন (আই অ’ চি), ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেড (বি পি চি এল), আৰু হিন্দুস্তান পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেড (এইচ পি চি এল)ৰ পেট্ৰ’লৰ বিক্ৰী ৪.৮ শতাংশ বৃদ্ধি আৰু ডিজেলৰ বিক্ৰী ৬.৪ শতাংশ বৃদ্ধি পোৱাৰ তথ্য লাভ কৰিছে। এই পৰিসংখ্যাই দেশত ইন্ধনৰ বৰ্ধিত চাহিদা আৰু ব্যৱহাৰৰ ধাৰাকো প্ৰতিফলিত কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande