তামুলপুৰত জিলা উন্নয়ন সমিতিৰ সভা সম্পন্ন
তামুলপুৰ, ১২ জুন (হি.স.)। তামুলপুৰ জিলাৰ জুন মাহৰ জিলা উন্নয়ন সমিতিৰ সভাখন আজি জিলা গ্ৰাম্য অভিকৰণ প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়। বিটিচিৰ সচিব অনছুলা বসুমতাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত সচিবগৰাকীক সহযোগিতা আগবঢ়ায় প্ৰকল্প সঞ্চালক
তামুলপুৰত জিলা উন্নয়ন সমিতিৰ সভা সম্পন্ন।


তামুলপুৰ, ১২ জুন (হি.স.)। তামুলপুৰ জিলাৰ জুন মাহৰ জিলা উন্নয়ন সমিতিৰ সভাখন আজি জিলা গ্ৰাম্য অভিকৰণ প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়। বিটিচিৰ সচিব অনছুলা বসুমতাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত সচিবগৰাকীক সহযোগিতা আগবঢ়ায় প্ৰকল্প সঞ্চালক গোবিন্দ ৰাভাই। সভাত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ উন্নয়নমূলক কাম-কাজ, চলি থকা আঁচনি, প্ৰকল্পসমূহৰ অগ্ৰগতি তথা সমস্যা আদি সম্পৰ্কে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। আঁচনিসমূহ সময়মতে আৰু সুচাৰুৰূপে ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

সভাত উপস্থিত বিষয়াসকলে নিজ নিজ বিভাগৰ অধীনত চলি থকা প্ৰকল্পসমূহৰ বৰ্তমান অৱস্থা, সমস্যা আৰু ভৱিষ্যৎ কৰণীয় সম্পৰ্কে মতামত আগবঢ়ায়। সচিবগৰাকীয়ে বিশুদ্ধ খোৱাপানী, মেলেৰিয়া নিৰ্মূল; বড়ো ধান, সৰিয়হ, এৰী খেতি; গাহৰি পালন আদিৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। তদুপৰি যিবোৰ চৰকাৰী কাৰ্যালয়ে নিজাকৈ কাৰ্যালয়গৃহ নিৰ্মাণ কৰিব বিচাৰে, তেওঁলোকক ৰাজহ চক্ৰ বিষয়াক লগ ধৰিবলৈ আহ্বান জনোৱাৰ লগতে ৰাজহ চক্ৰ বিষয়াগৰাকীকো কামখিনি খৰতকীয়াকৈ কৰিবলৈ নিৰ্দেশ দিয়ে। সভাত জিলাখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, লোকনিৰ্মাণ, বন, স্বাস্থ্য, জলসম্পদ, যোগান, হস্ততাঁত, জলসিঞ্চন, কৃষি, সমাজকল্যাণ, শিক্ষা, ভূমি সংৰক্ষণ, মীন, অসম গ্ৰামীণ জীৱিকা অভিযান, পৰিবহণ আদি বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande