
দৰং, ১২ জুন (হি.স.): দৰং জিলাৰ খাৰুপেটিয়াৰ চাৰিআলি পুৰণা মাছ বজাৰৰ কাষত পৌৰসভাৰ গুডাম (GoDown) মাৰ্কেটৰ প্ৰথম মহলাত যোৱা কালি বৃহস্পতিবাৰে বিয়লি উদ্ধাৰ কৰা হয় এজন শ্ৰমিকৰ মৃতদেহ । মৃত ব্যক্তিজনক অৰ্জুন মেহতা (৪৫) বুলি চিনাক্ত কৰা হৈছে। তেওঁ খাৰুপেটিয়াৰ বাহাবাৰী গাঁৱৰ এটি ধান (ৰাইচ) মিলত শ্ৰমিক হিচাপে কৰ্মৰত আছিল ।
জানিব পৰা মতে, বিহাৰৰ নিবাসী অৰ্জুন মেহতা নামৰ লোকজন যোৱা ৮ জুনৰ পৰাই নিৰুদ্দেশ হৈ আছিল।ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। পিছত মৰোণত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। মৃত্যুৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ