মে’ মাহত খুচুৰা মুদ্ৰাস্ফীতি ৩.৯৩ শতাংশলৈ বৃদ্ধি
নতুন দিল্লী, ১২ জুন (হি.স.)। দেশত খুচুৰা মুদ্ৰাস্ফীতি পুনৰ বৃদ্ধি পাইছে। খাদ্যৰ মূল্য বৃদ্ধিৰ বাবে মে’ মাহত গ্ৰাহক মূল্য সূচকাংক (চিপিআই) ভিত্তিক খুচুৰা মুদ্ৰাস্ফীতি ৩.৯৩ শতাংশলৈ বৃদ্ধি পাইছে। বিগত মাহ অৰ্থাৎ এপ্ৰিলত ৩.৪৮ শতাংশ। শুকুৰবাৰে পৰিসংখ্য
खुदरा महंगाई दर के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ১২ জুন (হি.স.)। দেশত খুচুৰা মুদ্ৰাস্ফীতি পুনৰ বৃদ্ধি পাইছে। খাদ্যৰ মূল্য বৃদ্ধিৰ বাবে মে’ মাহত গ্ৰাহক মূল্য সূচকাংক (চিপিআই) ভিত্তিক খুচুৰা মুদ্ৰাস্ফীতি ৩.৯৩ শতাংশলৈ বৃদ্ধি পাইছে। বিগত মাহ অৰ্থাৎ এপ্ৰিলত ৩.৪৮ শতাংশ।

শুকুৰবাৰে পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে কয় যে চিপিআই ভিত্তিক খুচুৰা মুদ্ৰাস্ফীতিৰ এই বৃদ্ধিৰ মূল কাৰণ হৈছে খাদ্য আৰু শাক-পাচলি বিশেষকৈ টমেটোৰ মূল্য বৃদ্ধি। বিগত পাঁচ মাহত প্ৰথমবাৰৰ ভিতৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মধ্যকালীন লক্ষ্য চাৰি শতাংশৰ খুচুৰা মুদ্ৰাস্ফীতি ওচৰ চাপিছে।

ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ তথ্য অনুসৰি খাদ্যৰ মূল্য বৃদ্ধিৰ বাবে মে’ মাহত চিপিআই ভিত্তিক খুচুৰা মুদ্ৰাস্ফীতি ৩.৯৩ শতাংশলৈ বৃদ্ধি পাইছে। বিগত মাহ অৰ্থাৎ এপ্ৰিলত ৩.৪৮ শতাংশ। এন এছ অ’ৰ তথ্য অনুসৰি মে’ মাহত খাদ্যৰ মুদ্ৰাস্ফীতি ৪.৭৮ শতাংশলৈ বৃদ্ধি পাইছে, যিটো এপ্ৰিল মাহত ৪.২০ শতাংশ আছিল। তাৎপৰ্যপূৰ্ণভাৱে ভাৰতৰ গ্ৰাম্য অঞ্চলত খাদ্যৰ মুদ্ৰাস্ফীতি চহৰ অঞ্চলতকৈ বেছি আছিল। মে’ মাহত গ্ৰাম্য অঞ্চলত খাদ্যৰ মুদ্ৰাস্ফীতি ৪.৮৫ শতাংশ হোৱাৰ বিপৰীতে চহৰৰ কেন্দ্ৰত ৪.৬৬ শতাংশ।

এন এছ অ’ৰ তথ্য অনুসৰি মে’ মাহত আটাইতকৈ বেছি মূল্যবৃদ্ধিৰ সন্মুখীন হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে বহুমূলীয়া ধাতুৰে নিৰ্মিত গহনা, টমেটো, আদা, কিচমিচ, শুকান আঙুৰ। ইফালে আলু, পটল, মটৰ গাড়ী আৰু জীপ, জিৰা, আৰু মটৰ চাইকেল আৰু স্কুটাৰ আদিৰ মুদ্ৰাস্ফীতিৰ হাৰ আটাইতকৈ কম।

খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ৪ শতাংশ, ২ শতাংশ ব্যৱধানত ৰখাৰ দায়িত্ব আৰ বি আইক চৰকাৰে অৰ্পণ কৰিছে। কিন্তু যোৱা সপ্তাহত আৰ বি আইয়ে চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ খুচুৰা মুদ্ৰাস্ফীতিৰ পূৰ্বাভাস ৪.৬ শতাংশৰ পৰা ৫.১ শতাংশলৈ বৃদ্ধি কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰা নীতি নিৰ্ধাৰণৰ সময়ত প্ৰধানকৈ চিপিআই ভিত্তিক মুদ্ৰাস্ফীতিৰ কথা বিবেচনা কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande