
নলবাৰী, ১২ জুন (হি.স.)। টিহুত চিলনী চোৰৰ সন্ত্ৰাস । থপিয়াই নিলে পঞ্চাশ হেজাৰ টকা সহ বেগ । টিহুত দীৰ্ঘ দিন ধৰি চিলনী চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । মহিলাৰ ডিঙিৰ সোনৰ চেইন, হাতৰ পৰা বেগ কাঢ়ি নিয়া ঘটনাই প্ৰায়ে সংঘটিত হৈ আহিছে । কিন্ত টিহু আৰক্ষী থানাৰ সমীপতে এনেবোৰ ঘটনা সংঘটিত হৈ আহিছে যদিও আজিলৈ এজনো চোৰক আটক কৰিবলৈ সক্ষম নহল টিহু আৰক্ষী ।
শুক্ৰবাৰে দিন দুপৰতে পুনৰ সংঘটিত হল এনে এক ঘটনা । টিহুৰ হালধিবাৰীৰ ধীৰেশ্বৰ দাস নামৰ ব্যক্তি গৰাকীয়ে চিকিৎসাৰ বাবে টিহু ইউকো বেংকৰ পৰা পঞ্চাশ হেজাৰ টকা উলিয়াই এখন বেগত লৈ ই-ৰিক্সাৰে ঘৰলৈ গৈ থকা অৱস্থাত পালচাৰ বাইকেৰে অহা দুই যুৱকে দাসৰ বেগ খন ঠাপ মাৰি লৈ যায় । তেওঁ লগে লগে হুৱা দুৱা লগাই যদিও পালচাৰ বাইকেৰে অহা যুৱক দুজন পলাই যাবলৈ সক্ষম হয় ।
ধীৰেশ্বৰ দাসে ইতিমধ্যে টিহু আৰক্ষীক বিষয়টো অৱগত কৰিছে । টিহু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও চিলনী চোৰ দুজনক আটক কৰিবলৈ সক্ষম হ'ব নে নহয় সেইয়া সময়ে কব । উল্লেখ্য যে গৃহস্থ নথকা ঘৰ , দোকান আদিত প্ৰায়ে চুৰিকাণ্ড সংঘটিত হৈ আহিছে যদিও চোৰ ধৰাত সম্পূৰ্ণ বিফল হৈছে টিহু আৰক্ষী ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা