
বৰপেটা, ১২ জুন (হি.স.): বৰপেটাত যোৱা কালি বৃহস্পতিবাৰে বিয়লি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযান চলে ৷ পূৰ্বৰ বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল সুৰজিৎ ডেকাৰ ঘৰত চলিছিল এই অভিযান ৷ বৰপেটা দঙৰকুছিত থকা সুৰজিৎ ডেকাৰ ঘৰত অভিযান চলায় মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ৷
বৰপেটাৰ পুৰ্বৰ ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰাৰ সতে সম্পৰ্ক গঢ়ি বৰপেটাৰ বিভিন্ন স্থানত মাটি সম্পত্তি কৰাৰ অভিযোগ উত্থাপিত হৈছিল সুৰজিৎ ডেকাৰ বিৰুদ্ধে ৷ উল্লেখ্য় যে পুৰ্বে বৰপেটা ৰাজহ চক্ৰৰ লাট মণ্ডল আছিল সুৰজিৎ ডেকা ৷ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ ৬ জনীযা দলে চলাইছে অভিযান । মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযানত বিভিন্ন তথ্য়পাতি উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ