
গোৱালপাৰা, ১২ জুন (হি.স.)। পশ্চিম গোৱালপাৰাৰ বগুৱানত বাইক চোৰ আটক।
এক গোপন সূত্ৰ অনুসৰি বগুৱান আৰক্ষী থানই জয়পুৰ বজাৰৰ পৰা এখনি চুৰি বাইক সহ এজন বাইক চোৰ আটক কৰে। বাইক চোৰ জনৰ নাম হাবিজুৰ ৰহমান বুলি জানিব পৰা গৈছে । চোৰটোৰ ঘৰ পঞ্চৰত্ন থানাৰ অন্তৰ্গত ৰামহৰিচৰৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত চোৰটোৰ ওপৰত জেৰা চলায় আছে।
স্থানীয় লোকৰ অভিযোগ অনুসৰি ধৃত চোৰটোৱে অঞ্চলটোত বহুদিনি ধৰি চুৰি কাৰ্য্য সংঘটিত হৈ আহিছিল।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু