
কামৰূপ, ১২ জুন (হি.স.)। যোৱা ৰবিবাৰৰ পৰা সন্ধানহীন ৰঙিয়া সমীপৰ বালিসত্ৰ নিবাসী মুন কুমাৰ। ৩০ বছৰীয়া যুৱক জন ৰবিবাৰে ধুহিৰ মীৰ হুছেইন নামৰ এজন যুৱকৰ সৈতে ৰেলৰ কেন্টিনত কাম কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা ৰঙিয়া ৰেল ষ্টেচনলৈ ওলাই গৈছিল পেছাত গাড়ী চালক মুন কুমাৰ।
কিন্তু সন্ধিয়া লৈ ঘৰৰ লগত যোগাযোগ কৰাৰ পিছৰ পৰা আজিলৈ যোগাযোগ নাই মুন কুমাৰৰ।বৰ্তমান মুন কুমাৰৰ পৰিয়াল টোৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। গতিকে মুন কুমাৰৰ সন্ধান পালে উল্লেখিত নম্বৰত যোগাযোগ কৰাৰ বাবে কাতৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।৯১০১৯১৫২১২,৮৮৭৬৫৭০৫৮৮
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ