ধুবুৰীত ভাৰত-বাংলাদেশ সীমান্ত পৰিস্থিতি পৰ্যালোচনা মন্ত্ৰী অশোক সিংঘলৰ, অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ সতৰ্কবাণী
ধুবুৰী, ১২ জুন (হি.স.)। অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘলে শুকুৰবাৰে ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় । জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে তেওঁ সীমান্তৱৰ্তী ভোগডাংগা গাঁওখনত উপস্থিত হৈ স্থানী
Ashok Singhal Reviewing the India-Bangladesh Border Situation in Dhubri.


ধুবুৰী, ১২ জুন (হি.স.)। অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘলে শুকুৰবাৰে ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় । জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে তেওঁ সীমান্তৱৰ্তী ভোগডাংগা গাঁওখনত উপস্থিত হৈ স্থানীয় বাসিন্দাসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে তেওঁলোকৰ বিভিন্ন সমস্যা-অভিযোগৰ বিষয়ে অৱগত হয় ।

স্থানীয় ৰাইজক সম্বোধন কৰি সিংঘলে কয় যে ধুবুৰীৰ সনাতনী হিন্দুসকলে কোনো ধৰণৰ ভয় বা উদ্বেগ পোষণ কৰাৰ প্ৰয়োজন নাই। তেওঁ আশ্বাস দিয়ে যে চৰকাৰে তেওঁলোকৰ স্বাৰ্থ আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব।

ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে অবৈধ কাৰ্যকলাপত জড়িত লোকসকলক কঠোৰ সতৰ্কবাণী জাৰি কৰি কয় যে এনে কাম-কাজ ১৫ দিনৰ ভিতৰত বন্ধ কৰিব লাগিব, অন্যথা কঠোৰ আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব।

সীমান্ত অঞ্চলৰ গাঁওসমূহত বসবাস কৰা লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰতো তেওঁ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। সীমান্তবাসীৰ সমস্যা, উদ্বেগ আৰু দাবীসমূহ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত উত্থাপন কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে, যাতে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পৰা যায়।

পৰৱৰ্তী সময়ত অশোক সিংঘলে সীমা সুৰক্ষা বাহিনী (বিএছএফ)-ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ সীমান্ত ব্যৱস্থাপনা আৰু স্থানীয় বিভিন্ন বিষয়ত আলোচনা কৰে । লগতে ভোগডাংগা অঞ্চলৰ ৰাইজৰ সমস্যাৰ সমাধান আৰু সীমান্তৱৰ্তী অঞ্চলসমূহত উন্নত সুবিধা নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ অংগীকাৰ পুনৰ ব্যক্ত কৰে ।

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande