শিৱসাগৰ আৰক্ষীৰ অভিযানত উৎখাত অস্ত্ৰ সৰৱৰাহকাৰী চক্ৰ
শিৱসাগৰ, ১২ জুন (হি.স.)। শিৱসাগৰ আৰক্ষীৰ বৃহত সফলতা ৷ শিৱসাগৰ আৰক্ষীৰ অভিযানত উৎখাত অস্ত্ৰ সৰৱৰাহকাৰী চক্ৰ ৷ অস্ত্ৰ সৰৱৰাহকাৰী চক্ৰৰ মূল মাষ্টাৰ মাইণ্ড শিৱসাগৰ চহৰৰ গণকপট্টীৰ অচিন্ত বৰুৱা, কাৰ্বিআংলং জিলাৰ খটখটীৰ অমৰ দাস ওৰফে জন মেছ, শিৱসাগৰ চেৰেক
শিৱসাগৰ আৰক্ষীৰ অভিযানত উৎখাত অস্ত্ৰ সৰৱৰাহকাৰী চক্ৰ


শিৱসাগৰ, ১২ জুন (হি.স.)। শিৱসাগৰ আৰক্ষীৰ বৃহত সফলতা ৷ শিৱসাগৰ আৰক্ষীৰ অভিযানত উৎখাত অস্ত্ৰ সৰৱৰাহকাৰী চক্ৰ ৷

অস্ত্ৰ সৰৱৰাহকাৰী চক্ৰৰ মূল মাষ্টাৰ মাইণ্ড শিৱসাগৰ চহৰৰ গণকপট্টীৰ অচিন্ত বৰুৱা, কাৰ্বিআংলং জিলাৰ খটখটীৰ অমৰ দাস ওৰফে জন মেছ, শিৱসাগৰ চেৰেকাপাৰৰ বিক্ৰম বৰুৱা, আৰু ভটীয়াপাৰৰ পাপু দাস নিশা পৰিল আৰক্ষীৰ জালত ৷

অস্ত্ৰ সৰৱৰাহকাৰী চক্ৰটোৰ মাষ্টাৰ মাইণ্ড অচিন্ত বৰুৱাৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশাই ডিব্ৰুগড়ৰ এটা ভাড়াঘৰৰ পৰা এটা হস্ত নির্মিত পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

শিৱসাগৰ জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়া,অপৰাধ শাখাৰ এ এচ পি মইদুল ইছলাম, সদৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল মেধি, নগৰ উপ পৰিদৰ্শক দেৱাশীষ শৰ্মাৰ লগতে চোৰাংচোৱা শাখাৰ বিষয়াৰ সহযোগত চলিছিল অভিযান ৷

কালি নিশা শিৱসাগৰ আৰক্ষীৰ এই সফল অভিযানৰ। এই চক্ৰটো মুঠ ৪ জন যুৱকক আটক কৰে শিৱসাগৰ আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande