ডিমৰীয়াত কৃষি পথাৰ পৰিদৰ্শন ৰাজ্যৰ কৃষি মন্ত্ৰী পীযুষ হাজৰিকাৰ
গুৱাহাটী, ১২ জুন (হি.স.)। ডিমৰীয়া সমষ্টিত কৃষি পথাৰ পৰিদৰ্শন কৰিলে ৰাজ্যৰ কৃষি মন্ত্ৰী পীযুষ হাজৰিকাই। মালয়বাৰীৰ কৃষি অঞ্চলত উপস্থিত হৈ জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে কৃষিক্ষেত্ৰলৈ পানীৰ যোগান সঠিকভাৱে হৈ আছে নে নাই, সেই বিষয়ে বুজ লয় মন্ত্ৰী গৰাক
ডিমৰীয়াত কৃষি পথাৰ পৰিদৰ্শন ৰাজ্যৰ কৃষি মন্ত্ৰী পীযুষ হাজৰিকাৰ


গুৱাহাটী, ১২ জুন (হি.স.)।

ডিমৰীয়া সমষ্টিত কৃষি পথাৰ পৰিদৰ্শন কৰিলে ৰাজ্যৰ কৃষি মন্ত্ৰী পীযুষ হাজৰিকাই।

মালয়বাৰীৰ কৃষি অঞ্চলত উপস্থিত হৈ জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে কৃষিক্ষেত্ৰলৈ পানীৰ যোগান সঠিকভাৱে হৈ আছে নে নাই, সেই বিষয়ে বুজ লয় মন্ত্ৰী গৰাকীয়ে।

খেতি পথাৰত মন্ত্ৰীৰ উপস্থিতি, জলসিঞ্চন ব্যৱস্থাৰ বিষয়ে কৃষকৰ সৈতে মত-বিনিময় মন্ত্ৰী গৰাকীৰ ।

খেতি পথাৰৰ মাজতেই উপস্থিত হৈ কৃষক সকলৰ সৈতে মত-বিনিময় কৰে কৃষি মন্ত্ৰী পীযুষ হাজৰিকাই।

কৃষকৰ বিভিন্ন সমস্যা, জলসিঞ্চন ব্যৱস্থা আৰু আগন্তুক খেতিৰ বতৰৰ প্ৰস্তুতি সন্দৰ্ভতো আলোচনা কৰে মন্ত্ৰী গৰাকীয়ে।

কৃষিক্ষেত্ৰত উৎপাদন বৃদ্ধি আৰু কৃষক সকলক অধিক সুবিধা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

এই কাৰ্যসূচীত মন্ত্ৰী গৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক ড০ তপন দাসে।

কৃষিক্ষেত্ৰৰ উন্নয়ন আৰু জলসিঞ্চন ব্যৱস্থাৰ ওপৰত চৰকাৰৰ বিশেষ গুৰুত্বৰ মাজতেই ডিমৰীয়াত কৃষি মন্ত্ৰীৰ এই পৰিদৰ্শনক গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande