(লিড) অমৰনাথ যাত্ৰাৰ নিৰাপত্তাৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ কৰা হ’ব, অমিত শ্বাহৰ প্ৰস্তুতিৰ পৰ্যালোচনা
নতুন দিল্লী, ১২ জুন (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে অমৰনাথ যাত্ৰাৰ নিৰাপত্তা প্ৰস্তুতিৰ পৰ্যালোচনা কৰি তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু যাত্ৰাৰ সুচাৰুৰূপে পৰিচালনাৰ বাবে বিস্তৃত নিৰ্দেশনা জাৰি কৰে। তেওঁ উল্লেখ কৰে যে অমৰন
केंद्रीय गृह मंत्री अमित शाह शुक्रवार को एक उच्चस्तरीय बैठक की अध्यक्षता की करते हुए साथ में एनएसए अजीत डोभाल और जम्मू-कश्मीर के उपराज्यपाल मनोज सिन्हा भी मौजूद


নতুন দিল্লী, ১২ জুন (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে অমৰনাথ যাত্ৰাৰ নিৰাপত্তা প্ৰস্তুতিৰ পৰ্যালোচনা কৰি তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু যাত্ৰাৰ সুচাৰুৰূপে পৰিচালনাৰ বাবে বিস্তৃত নিৰ্দেশনা জাৰি কৰে। তেওঁ উল্লেখ কৰে যে অমৰনাথ যাত্ৰাত তীৰ্থযাত্ৰীসকলৰ বাবে পৰম নিৰাপত্তা আৰু আৰামদায়ক যাত্ৰা নিশ্চিত কৰাৰ বাবে মোডী চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।

ইয়াত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত গৃহমন্ত্ৰী শ্বাহে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফএছ), জম্মু-কাশ্মীৰ আৰক্ষী, আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহৰ সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে যাত্ৰা পথৰ কাষত বহুস্তৰীয় আৰু অভেদ্য নিৰাপত্তা গ্ৰীড স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ নিৰাপত্তাৰ ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাৰ বাবে ড্ৰ’ন, চিচিটিভি চোৱাচিতা, চোৱাচিতা ব্যৱস্থা, আৰু অন্যান্য আধুনিক প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

শ্বাহে কয় যে যাত্ৰাৰ সময়ত বিভিন্ন কেন্দ্ৰীয় বাহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে শিবিৰ স্থানসমূহত আৰু যাত্ৰাপথৰ কাষত থকা ব্যৱস্থাসমূহ নিৰন্তৰ নিৰীক্ষণ কৰিব লাগে। ইয়াৰ উপৰিও তীৰ্থযাত্ৰীৰ পঞ্জীয়ন, থকাৰ ব্যৱস্থা, স্বাস্থ্য সেৱা, যোগাযোগ ব্যৱস্থা, দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে জড়িত সকলো প্ৰয়োজনীয় সুবিধাৰ সঠিক ব্যৱস্থা কৰিব লাগে।

সভাত এই যাত্ৰাৰ সৈতে জড়িত স্থানীয় লোক আৰু জীৱ-জন্তুৰ পঞ্জীয়নৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সংশ্লিষ্ট ব্যক্তিসকলক কিউআৰ ক’ড থকা পৰিচয় পত্ৰ প্ৰদান কৰাৰ লগতে যাত্ৰাত ব্যৱহৃত জীৱ-জন্তুৰ স্বাস্থ্য পৰীক্ষাৰ বাবে বিশেষ শিবিৰ স্থাপনৰ নিৰ্দেশ দিয়া হয়।

বতৰৰ পৰিস্থিতি আৰু পূৰ্বাভাসৰ ভিত্তিত তীৰ্থযাত্ৰীৰ যাতায়তৰ ব্যৱস্থা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে গৃহমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে যাত্ৰাপথৰ উপৰিও জম্মু-কাশ্মীৰৰ অন্যান্য প্ৰধান পৰ্যটনস্থলীত সুদৃঢ় নিৰাপত্তাৰ ব্যৱস্থা নিশ্চিত কৰিব লাগে যাতে তীৰ্থযাত্ৰী আৰু পৰ্যটকসকলে নিৰাপদ পৰিৱেশত যাত্ৰা আৰু পৰ্যটন উপভোগ কৰিব পাৰে।

এই বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভাল, জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহা, সেনা প্ৰধান, চি আৰ পি এফৰ সঞ্চালক প্ৰধান,কে ধৰি গৃহ মন্ত্ৰণালয়, নিৰাপত্তা সংস্থা, প্ৰশাসনৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে প্ৰতি বছৰে অনুষ্ঠিত হোৱা অমৰনাথ যাত্ৰাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্তই অংশগ্ৰহণ কৰে, যাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰ ব্যাপক ব্যৱস্থা কৰা হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande