
নতুন দিল্লী, ১২ জুন (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত শুকুৰবাৰে অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি আৰু নিৰাপত্তাৰ ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। গৃহমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক এই যাত্ৰাৰ শান্তিপূৰ্ণ, নিৰাপদ, আৰু সুচাৰুৰূপে পৰিচালনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
এই বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহা, সেনা প্ৰধান, চি আৰ পি এফৰ সঞ্চালক প্ৰধান,কে ধৰি গৃহ মন্ত্ৰালয়, নিৰাপত্তা সংস্থা, প্ৰশাসনৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। সভাত অমৰনাথ যাত্ৰাৰ সময়ত তীৰ্থযাত্ৰীৰ সুৰক্ষা, পথ নিৰীক্ষণ, দুৰ্যোগ ব্যৱস্থাপনা, চিকিৎসা সুবিধা, যান-বাহন ব্যৱস্থাপনা, আৰু বিভিন্ন সংস্থাৰ মাজত সমন্বয়ৰ পৰ্যালোচনা কৰা হয়। গৃহমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক এই যাত্ৰাৰ শান্তিপূৰ্ণ, নিৰাপদ, আৰু সুচাৰুৰূপে পৰিচালনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
সূত্ৰ অনুসৰি নিৰাপত্তাৰ পৰিস্থিতি, তীৰ্থযাত্ৰীৰ সুবিধা, স্পৰ্শকাতৰ অঞ্চলত অতিৰিক্ত সতৰ্কতা বজাই ৰখা আদি বিষয়সমূহো বৈঠকত বিতংভাৱে আলোচনা কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তীৰ্থযাত্ৰীসকলৰ বাবে এক নিৰাপদ আৰু নিৰৱচ্ছিন্ন ভ্ৰমণ অভিজ্ঞতা নিশ্চিত কৰা চৰকাৰৰ লক্ষ্য।
উল্লেখযোগ্য যে প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ তীৰ্থযাত্ৰীয়ে অমৰনাথ যাত্ৰাত অংশগ্ৰহণ কৰে, আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তাৰ ব্যাপক ব্যৱস্থা কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া