
পাটনা, ১২ জুন (হি.স.)। বিহাৰৰ বেগুছৰাই জিলাৰ চাহেবপুৰ কমল থানা এলেকাত বৃহস্পতিবাৰে নিশা প্ৰায় ১ বজাত সংঘটিত পথ দুৰ্ঘটনাত মধেপুৰা জিলাৰ তিনিজন আৰক্ষী থানাৰ মুৰব্বীৰ মৃত্যু হয়। তেওঁলোকে পাটনাৰ প্ৰশিক্ষণৰ পৰা উভতি আহি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈছিল।
নিহত কেইজনৰ ভিতৰত আছে উদাকিশুনগঞ্জ মহকুমাৰ ৰাতোৱাৰা আৰক্ষী থানাৰ মুৰব্বী সাজন কুমাৰ, আৰাৰ থানাৰ মুৰব্বী অমৰেন্দ্ৰ জ্ঞানেন্দ্ৰ আৰু মধেপুৰা মহকুমাৰ বেলাৰী থানাৰ মুৰব্বী নীৰজ কুমাৰ।
এই দুৰ্ঘটনাত চালকজনৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি ১০-১১ জুনত দুদিনীয়া প্ৰশিক্ষণৰ অন্তত বৃহস্পতিবাৰে সন্ধিয়া তিনিওজন থানা মুৰব্বী গাড়ীৰে মধেপুৰালৈ ৰাওনা হয়। গাড়ীখন চলাইছিল ব্যক্তিগত চালক জ্যোতিষ কুমাৰে। নিশা প্ৰায় ১ বজাত বেগুছৰাই জিলাৰ চাহেবপুৰ কমলৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকৰ সৈতে গাড়ীখন খুন্দা মাৰে। এই দুৰ্ঘটনাত তিনিওজন থানা মুৰব্বী আৰু চালকজন নিহত হয়।
তথ্য লাভ কৰাৰ লগে লগে বেগুছৰাইৰ আৰক্ষী অধীক্ষক মনীষ কুমাৰে সেই স্থানত উপস্থিত হয়।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ