
কোকৰাঝাৰ, ১২ জুন (হি.স.)। কোকৰাঝাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে উন্নীতকৰণৰ লক্ষ্যৰে আজি আধাৰশিলা স্থাপন অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানখনত বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী পাৰিষদ ৰিহন দৈমাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি আধাৰশিলা স্থাপন কৰে। লগতে বিধায়ক ৰূপম ৰায়, ইএম দেৰহাসাৎ বসুমতাৰী, এমচিএলএ খাম্পা বৰগয়াৰী আৰু যুবিৰাজ বসুমতাৰীও উপস্থিত থাকে।
এই উন্নীতকৰণৰ জৰিয়তে জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান কোকৰাঝাৰৰ মানদণ্ড অধিক শক্তিশালী হোৱাৰ আশা কৰিব পৰা যায়। এই পদক্ষেপে অঞ্চলটোৰ শিক্ষা ব্যৱস্থাক অধিক উন্নত কৰাৰ লগতে ভৱিষ্যতৰ শিক্ষকসকলৰ দক্ষতা বৃদ্ধিত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰিব পৰা যায়। উল্লেখ্য যে, প্ৰতিষ্ঠানখন ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ (NCTE) দ্বাৰা অনুমোদিত আৰু অসমৰ ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT) ৰ সৈতে সংলগ্ন। ইয়াত মুখ্যত ২ বছৰীয়া প্ৰাথমিক শিক্ষাৰ ডিপ্লমা (D.El.Ed) পাঠ্যক্ৰমৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। চাকৰিত সোমাবলগীয়া আৰু ইতিমধ্যে কৰ্মৰত উভয় প্ৰকাৰৰ শিক্ষককে আধুনিক শিক্ষণ শৈলী, তথ্য প্ৰযুক্তি আৰু কলা-ক্ৰীড়া সম্বলিত পাঠদানৰ প্ৰশিক্ষণ দিয়া হয়। প্ৰতিষ্ঠানখন কোকৰাঝাৰ চহৰৰ গৌৰাংনগৰ (কোকৰাঝাৰ চাহ বাগিচাৰ ওচৰত) এটা সুন্দৰ চৌহদত অৱস্থিত। অনুষ্ঠানস্থলীত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, শিক্ষাবিদ আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ