সমাগত অম্বুবাচী মেলা উপলক্ষে ৰে’ল বিভাগৰ দুখনকৈ বিশেষ ৰে’লৰ সেৱা
গুৱাহাটী, ১১ জুন(হি.স.)। সমাগত অম্বুবাচী মহা উৎসৱ । চলিত মাহৰ ২২ জুনৰ পৰা আৰম্ভণি হ’ব অম্বুবাচীৰ মহা উৎসৱ । বিগত বৰ্ষৰ অনুৰূপ এইবাৰে অম্বুবাচী উপলক্ষে মা কামাখ্যা ধামত দেশ বিদেশৰ পৰা লাখ লাখ ভক্ত গণৰ সমাগম ঘটিব বুলি আশা কৰা হৈছে । ভক্ত গণৰ সুবিধাৰ্
সমাগত অম্বুবাচী মেলা উপলক্ষে ৰে’ল বিভাগৰ দুখনকৈ বিশেষ ৰে’লৰ সেৱা


গুৱাহাটী, ১১ জুন(হি.স.)। সমাগত অম্বুবাচী মহা উৎসৱ । চলিত মাহৰ ২২ জুনৰ পৰা আৰম্ভণি হ’ব অম্বুবাচীৰ মহা উৎসৱ । বিগত বৰ্ষৰ অনুৰূপ এইবাৰে অম্বুবাচী উপলক্ষে মা কামাখ্যা ধামত দেশ বিদেশৰ পৰা লাখ লাখ ভক্ত গণৰ সমাগম ঘটিব বুলি আশা কৰা হৈছে । ভক্ত গণৰ সুবিধাৰ্থে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ বিশেষ পদক্ষেপ।

কামাখ্যা ধামলৈ অহা ভক্তগণৰ বাবে মুকলি কৰিব দুখনকৈ বিশেষ ৰে’লৰ সেৱা । তাৰ ভিতৰত এখন উজনি মুৱা ৰে’ল আৰু আনখন নামনী মুৱা ৰে’লৰ সেৱা আগবঢ়াব বুলি মন্তব্য প্ৰকাশ কৰিছে এন এফ ৰেলৱে মুখ্য জনসম্পৰ্ক বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই।

অম্বুবাচীৰ গোটেই চাৰিদিনতেই যাত্ৰী সকলৰ বাবে চলিব এই বিশেষ ৰে’ল সেৱাৰ লগতে যাত্ৰী সকলৰ সুবিধাৰ্থে থকা খোৱাৰো বিশেষ ব্যৱস্থাৰ বিষয়ে জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande