কামপুৰত ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক
নগাঁও, ১১ জুন (হি.স.)। কামপুৰত ড্ৰাগছসহ দুজন সৰবৰাহকাৰী আটক ৷ কামপুৰ আৰক্ষীৰ অভিযানত আটক দুই সৰবৰাহকাৰী হাছেন আলী আৰু ইন্নাচ আলী ৷ এখন অ''ট ৰিস্কাত আহিছিল সৰবৰাহকাৰী দুজন ৷ ধৃত লোক দুজনৰ জিম্মাৰ পৰা ১৬ টা কন্টেইনাৰ আৰু ৬ টা ছিৰিঞ্জ জব্দ কৰিব সক্ষম
কামপুৰত ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক


নগাঁও, ১১ জুন (হি.স.)। কামপুৰত ড্ৰাগছসহ দুজন সৰবৰাহকাৰী আটক ৷ কামপুৰ আৰক্ষীৰ অভিযানত আটক দুই সৰবৰাহকাৰী হাছেন আলী আৰু ইন্নাচ আলী ৷ এখন অ'ট ৰিস্কাত আহিছিল সৰবৰাহকাৰী দুজন ৷ ধৃত লোক দুজনৰ জিম্মাৰ পৰা ১৬ টা কন্টেইনাৰ আৰু ৬ টা ছিৰিঞ্জ জব্দ কৰিব সক্ষম হই আৰক্ষী ৷

কামপুৰ সহ নগাঁও জিলাৰ বিভিন্ন অঞ্চলত শেহতীয়া ভাবে বৰবিহ ড্ৰাগছৰ কবলত পৰি নৱ প্ৰজম্মৰ ভৱিষ্য়ত ক্ৰমে ধ্বংসৰ গৰাহলৈ গতি কৰিছে।ড্ৰাগছ ৰ গোপন ঘাটিত অভিযান চলাই ইতিমধ্যে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষী গ্ৰেপ্তাৰ কৰিব সক্ষম হৈছে যদিও আইনৰ সুৰুঙা লৈ কাৰাগাৰৰ পৰা মুকলি হৈ পুনৰ ড্ৰাগছ সৰবৰাহত জৰিত হৈ পৰে।

ৰাইজে দাবী জনাইছে চৰকাৰে কঠোৰ আইন প্ৰনয়ণ কৰি ড্ৰাগছ সৰবৰাহকাৰী সকলক চিৰদিনৰ বাবে কাৰাৰুদ্ধ কৰিব লাগে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande