
শোণিতপুৰ, ১১ জুন (হি.স.)। মানসিক স্বাস্থ্য, শিক্ষা আৰু সংশ্লিষ্ট বিষয়সমূহত শৈক্ষিক উৎকৰ্ষতা, গৱেষণা সহযোগিতা আৰু সক্ষমতা বিকাশৰ লক্ষ্যৰে তেজপুৰ বিশ্ববিদ্যালয় আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ চৌহদত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত এই চুক্তিখন স্বাক্ষৰ কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ হৈ ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক চন্দন গোস্বামীয়ে আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ হৈ উপ-সঞ্চালক ডাঃ হেমন্ত দত্তই চুক্তিখনত স্বাক্ষৰ কৰে। চুক্তি স্বাক্ষৰ অনুষ্ঠানত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ জ্যোতি হাজৰিকা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজকৰ্ম বিভাগৰ মুৰব্বী অধ্যাপক অপূৰ্ব সাহা উপস্থিত থাকে।
অনুষ্ঠানত বক্তাসকলে মানসিক স্বাস্থ্য আৰু সমাজ বিজ্ঞানৰ ক্ষেত্ৰত শৈক্ষিক উৎকৰ্ষতা,আন্তঃবিষয়ক গৱেষণা আৰু উদ্ভাৱনক অধিক গতিশীল কৰি তুলিবলৈ প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে গৱেষক-ছাত্ৰ-ছাত্ৰীৰ প্ৰশিক্ষণ আৰু পৰামৰ্শদান,যৌথ গৱেষণা, প্ৰকল্প,ইণ্টাৰ্নশ্বিপ আৰু ক্ষেত্ৰভিত্তিক অভিজ্ঞতা কাৰ্যসূচী,লগতেপাঠ্যক্ৰম বিকাশৰ দৰে বিভিন্ন সহযোগিতামূলক কাৰ্যকলাপৰ বাবে এক গৱেষণামূলক পৰিৱেশ গঢ়ি তোলা হ’ব। এই অংশীদাৰিত্বই দুয়োটা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক আৰু গৱেষকসকলৰ শৈক্ষিক আৰু পেছাদাৰী দক্ষতা বৃদ্ধিৰ লগতে আন্তঃবিষয়ক শিক্ষা আৰু গৱেষণাৰ নতুন সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
এই চুক্তিৰ জৰিয়তে দুয়োটা প্ৰতিষ্ঠানে পাৰস্পৰিক আগ্ৰহৰ ক্ষেত্ৰসমূহত একেলগে কাম কৰাৰ আৰু নিজ নিজ শক্তিক সমন্বয় সাধন কৰি উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ মানসিক স্বাস্থ্য সেৱাৰ উন্নয়নত নিজৰ স্থান আৰু অধিক শক্তিশালী কৰিব পাৰিব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ