তেজপুৰত শিক্ষক-শিক্ষয়িত্ৰীৰ জীৱন দক্ষতাৰ বিশেষ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন
–সমগ্ৰ শিক্ষাৰ শোণিতপুৰ জিলাৰ উদ্যোগত ৩ ,৬০০ নডেল শিক্ষক -শিক্ষয়িত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰাৰ লক্ষ্য –বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তনশীল শৈক্ষিক পৰিৱেশত শিক্ষকৰ জীৱন দক্ষতাৰ গুৰুত্ব অধিক শোণিতপুৰ, ১১ জুন (হি.স.)। সমগ্ৰ শিক্ষা অসমৰ অধীনত UNICEF আৰু NEAI
তেজপুৰত শিক্ষক-শিক্ষয়িত্ৰীৰ জীৱন দক্ষতাৰ বিশেষ প্ৰশিক্ষণ কৰ্মশালা সম্পন  সমগ্ৰ শিক্ষাৰ শোণিতপুৰ জিলাৰ উদ্যোগত ৩ ,৬০০ নডেল শিক্ষক -শিক্ষয়িত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰাৰ লক্ষ্য


–সমগ্ৰ শিক্ষাৰ শোণিতপুৰ জিলাৰ উদ্যোগত ৩ ,৬০০ নডেল শিক্ষক -শিক্ষয়িত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰাৰ লক্ষ্য –বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তনশীল শৈক্ষিক পৰিৱেশত শিক্ষকৰ জীৱন দক্ষতাৰ গুৰুত্ব অধিক

শোণিতপুৰ, ১১ জুন (হি.স.)। সমগ্ৰ শিক্ষা অসমৰ অধীনত UNICEF আৰু NEAID অৰ্থাৎ ' Northeast Centre for Equity Action on Integrated Development' ৰ সহযোগত শোণিতপুৰ জিলাত জিলা পৰ্য্যায়ৰ শিক্ষক -শিক্ষয়িত্ৰীৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈ আহিছে । আজি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 'মৃদুপৱন শইকীয়া সোঁৱৰণী মঞ্চ'ত সম্পন্ন হয় এদিনীয়া এই প্ৰশিক্ষণ কৰ্মশালা । সমগ্ৰ শিক্ষা শোণিতপুৰ জিলাৰ গাভৰু শিক্ষাখণ্ড আৰু ঢেকীয়াজুলি শিক্ষাখণ্ডক সামৰি মুঠ ১২০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক সামৰি জিলা পৰ্য্যায়ৰ দক্ষতা বৃদ্ধিৰ এই শিক্ষক প্ৰশিক্ষণৰ কাৰ্যসূচী সম্পন্ন কৰা হয়।

উল্লেখ্য যে অসমৰ কিশোৰ-কিশোৰীৰ সামগ্ৰিক বিকাশ, মানসিক সুস্থতা আৰু সামগ্ৰিক শিক্ষাক শক্তিশালী কৰাৰ উদ্দেশ্যে NEAID আৰু UNICEF ৰ উদ্যোগত সমগ্ৰ ৰাজ্যজুৰি Life skills ৰ প্ৰশিক্ষণ ৰূপায়ণ কৰা হৈছে। শিশুৰ মানসপটত আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি, সমস্যা সমাধান আৰু পৰিস্থিতি নিয়ন্ত্ৰণ, মানসিক চাপ নিয়ন্ত্ৰণ, সু-সম্পৰ্ক স্থাপন , ফলপ্ৰসূ যোগাযোগ , সহানুভূতি স্থাপন কৰাৰ কৰ্ম ক্ষেত্ৰত এই উদ্যোগে মুখ্য ভূমিকা লৈছে ।প্ৰশিক্ষণস্থলীত অংশগ্ৰহণ কৰা উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় ১২০ জন নোডেল শিক্ষকে পৰৱৰ্তী সময়ত নিজ বিদ্যালয়ত কাৰ্যভিত্তিক লাইফ স্কিলছ শিক্ষা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিব, যাৰ ফলত বিদ্যালয়সমূহ অধিক অন্তৰ্ভুক্তিমূলক, সহানুভূতিশীল আৰু শিক্ষাৰ্থী-কেন্দ্ৰিক শিক্ষণ পৰিৱেশলৈ পৰিগণিত হ’ব।

তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লাইফ স্কিলৰ কাৰ্যসূচী উদ্বোধন কৰে গাভৰু শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নিলোজ্বল শৰ্মাই। NEAID ৰ সহকৰ্মী তত্ত্বাৱধায়িকা ময়ুৰী দেৱীয়ে আঁত ধৰা প্ৰশিক্ষণস্থলীত উপস্থিত থাকে জিলা আঁচনি শিক্ষা বিষয়া মনোজ গোহাঁই , প্ৰধান শিক্ষয়িত্ৰী মঞ্জু বাঢ়ৈ , বি আৰ পি তথা লাইফ স্কিলচৰ সমল বিষয়া প্ৰণিতা মেধী আৰু সহায়ক বিষয়া পিংকুমনি শৰ্মা । প্ৰশিক্ষণ কৰ্মশালাত উপস্থিত থাকি জিলা আঁচনি বিষয়া মনোজ গোহাঁইয়ে বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তনশীল সামাজিক আৰু শিক্ষাগত পৰিৱেশত লাইফ স্কিলছ শিক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰশিক্ষণস্থলীৰ দৃষ্টিনন্দন পৰিৱেশত শিশুৰ আত্মসম্মান, আত্মবিশ্বাস , লিংগ-সংবেদনশীল শ্ৰেণীকোঠা, অন্তৰ্ভুক্তিমূলক আচৰণ, মানসিক সুস্থতা আৰু দৈনন্দিন পাঠদান পদ্ধতিত লাইফ স্কিলছ সংযুক্ত কৰাৰ বাৰে উদ্যোক্তালৈ প্ৰশংসা জনাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নিলোৎজ্বল শৰ্মাই।

উল্লেখ্য যে জিলা-স্তৰীয় এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে ৰাজ্যব্যাপী আঠখন জিলাত প্ৰায় ৩,৬০০ জন নোডেল শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰা কৰিছে । সমগ্ৰ শিক্ষা অসম আৰু ইয়াৰ সহযোগী সংস্থাসমূহে অসমৰ প্ৰতিজন কিশোৰ-কিশোৰীৰ বাবে অধিক অন্তৰ্ভুক্তিমূলক আৰু দক্ষতা মূলক শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ দিশত এই উদ্যোগৰ জৰিয়তে পুনৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande